অসম

assam

ETV Bharat / state

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি

সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি...

5 বজাৰ দহটা শীৰ্ষ বাতৰি.
5 বজাৰ দহটা শীৰ্ষ বাতৰি.

By

Published : Aug 5, 2020, 5:05 PM IST

ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে হোজাই আৰু নলবাৰীত পূজা-অৰ্চনা

হোজাই আৰু নলবাৰীৰ বিধায়ক ক্ৰমে শিলাদিত্য দেৱ আৰু অশোক শৰ্মাৰ তৎপৰতাত অযোধ্যাৰ ৰাম মন্দিৰৰ আধাৰশিলা স্থাপনৰ সফল ৰূপায়নৰ বাবে পূজা-অৰ্চনা ৷

UPSC ত ভবাৰ দৰে ফলাফল লাভ কৰি সুখী আৰণ্যক শইকীয়া

লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাত সৰ্ব ভাৰতীয় পৰ্যায়ত 59 তম স্থান দখলেৰে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ পুত্ৰ আৰণ্যক শইকীয়াই ৷ এই ফলাফলক যথেষ্ট সন্তুষ্ট বুলি উল্লেখ কৰে আৰণ্যক শইকীয়াই ৷

অসম ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন

অসম ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে মঙলবাৰে আনুষ্ঠানিক ভাবে ঘোষণা কৰে নতুন সমিতিৰ কথা ৷

বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰক ক্ষমা বিচাৰিলে বিজেপি কৰ্মীয়ে

দুদিন পূৰ্বে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী বেলগুৰি সত্ৰৰ সত্ৰাধিকাৰ মুনীন্দ্ৰ নাৰায়ণ মহন্তক অপদস্থ কৰিছিল একাংশ বিজেপি নেতাই ৷ উক্ত কাণ্ডই বৰ্তমান সূত্ৰপাত ঘটাইছে বিতৰ্কৰ ৷

টোলগেট বন্ধৰ দাবীত বাইহাটাত আছুৰ প্ৰতিবাদ

বাইহাটা চাৰিআলিত সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নিৰ্মাণ কৰা টোলগেট বন্ধৰ দাবীত আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ৷

মালিগাঁৱৰ ৰাম মন্দিৰত বিশেষ পূজা অৰ্চনা

বুধবাৰে অযোধ্যাত ৰাম মন্দিৰৰ ভূমি পূজন সমাপন কৰা হয় ৷ এই ভূমি পূজনৰ লগত সংগতি ৰাখি মালিগাঁওস্থিত ৰাম মন্দিৰত বিশেষ পূজা অৰ্চনা কৰা হয় ৷ কৰ'ণাৰ সংক্ৰংণ ৰোধৰ বাবে থকা নীতি নিয়ম অনুসৰি মন্দিৰ প্ৰাংগনত পুৱাৰে পৰা চলে পূজা ৷ অখিল ভাৰত হিন্দু মহাসভাৰ উদ্যোগত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানৰ ৷ আজি দিনটোক ঐতিহাসিক আখ্যা দিয়ে সংগঠনটোৱে ৷ ৫০০ বছৰীয়া এক বিবাদৰ অৱসান ঘটা এই দিনটো ইতিহাসত লিপিবদ্ধ থাকিব বুলিও ক'লে সংগঠনটোৰ নেতৃত্বয় ৷

নলবাৰীত কৃষক মুক্তিৰ ধৰ্ণা কাৰ্যসূচী

ৰামমন্দিৰৰ শিলান্যাস আৰু ভূমিপূজনৰ দিনটোতে নলবাৰীত দেখা গ'ল নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ।

কাকপথাৰত AJYCP ৰ মানৱ-শৃংখল কাৰ্যসূচী

সংগঠনটোৰ শতাধিক কৰ্মীয়ে বিভিন্ন শ্ল'গানেৰে কাকপথাৰ চহৰৰ পৰিবেশ উত্তাল কৰি তোলে ৷ উক্ত কাৰ্যসূচীৰ জৰিয়তে যিকোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন ২০১৯ ৰ গ্ৰহণ নকৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ৷

প্ৰসিদ্ধ সংগীতশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামৰ দেহত কৰ'ণা ভাইৰাছ

অনুভৱী নেপথ্য কন্ঠশিল্পী এচ.পি.বালাসুব্ৰমনিয়ামে ছ'চিয়েল মিডিয়া যোগে জনাইছে যে, তেওঁৰ দেহত ধৰা পৰিছে কৰ'ণা সংক্ৰমণ ৷ সংগীত শিল্পীগৰাকীৰ দেহত COVID-19 ৰোগৰ পাতল লক্ষণ দেখা দিছিল ৷ তাৰ পিছতে কৰ'ণা পৰীক্ষণৰ ফলাফল পজিটিভ অহাত হাস্পতালত ভৰ্ত্তি কৰা হয় কন্ঠশিল্পীগৰাকীক ৷

অনুচ্ছেদ 370: এবছৰ পাছতো সহজ হোৱা নাই জম্মুৰ পৰিৱেশ

মোডী চৰকাৰে 5 আগষ্টৰ পদক্ষেপক ন্যায়সংগত বুলি মন্তব্য কৰে ৷ এই দিনটোত এটা মহৎ কাম সফল হৈছিল যিটো বিগত 70 বছৰে আগৰ ব্যক্তিসকলে কৰিব পৰা নাছিল বুলিও মন্তব্য কৰে ৷ আনহাতে এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় কনফাৰেন্সৰ অস্থায়ী অধ্যক্ষ শ্বেখ বাশিৰ আহমেদে (provisional president of National Conference) কয় যে, "আমি বিগত 70 বছৰে যিখিনি অৰ্জন কৰিছিলো সেই সকলোখিনি হেৰুৱালো" ৷

ABOUT THE AUTHOR

...view details