অসম

assam

Library Development Scam: পুথিভঁৰাল কেলেংকাৰী: অৱসৰপ্ৰাপ্ত সঞ্চালকৰ স্বামীক গ্ৰেপ্তাৰ

By

Published : Nov 26, 2022, 7:02 PM IST

পুথিভঁৰাল উন্নয়নৰ নামত ৪৬ লাখ টকা আত্মসাৎ ৷ পুথিভঁৰালৰ সঞ্চালকৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ(Library director is accused of scam) । ঘটনা সন্দৰ্ভত পুথিভঁৰালৰ অৱসৰপ্ৰাপ্ত সঞ্চালকৰ স্বামীক গ্ৰেপ্তাৰ ৷

46 lakh rupees scam in library development
library development scam: পুথিভঁৰাল উন্নয়নৰ নামত বৃহৎ কেলেংকাৰী

গুৱাহাটী, ২৬ নৱেম্বৰ: পুথিভঁৰালৰ সঞ্চালকৰ বিৰুদ্ধে কেলেংকাৰীৰ অভিযোগ (Library director is accused of scam)। ভয়ঙ্কৰ কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্যৰ শিক্ষা আৰু জ্ঞান বিস্তাৰ কেন্দ্ৰ পুথিভঁৰালক । পুথিভঁৰাল উন্নয়নৰ নামত সংঘটিত হৈছে ৪৬ লাখ টকাৰ কেলেংকাৰী(46 lakh scam in the name of library development) ।

পুথিভঁৰাল কেলেংকাৰী: অৱসৰপ্ৰাপ্ত সঞ্চালকৰ স্বামীক গ্ৰেপ্তাৰ

পানবজাৰ আৰক্ষী থানাত ২৬৩/২২ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪০৬/৪০৯ ধাৰাত ৰুজু হৈছে গোচৰ । অৱসৰপ্ৰাপ্ত সঞ্চালক ৰুমী গোস্বামীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ । সমগ্ৰ কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত প্ৰাক্তন সঞ্চালক ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীক শুক্ৰবাৰে পাণবজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সোধ-পোছৰ বাবে আৰক্ষীয়ে দুদিনৰ জিন্মাত লৈছে প্ৰণৱ গোস্বামীক । ৰাজ্যৰ পুথিভঁৰাল সমূহৰ উন্নয়ন, কিতাপ যোগান ,পানী ফিল্টাৰ যোগান, আন্তঃগাঁথনি উন্নয়নৰ নামত অহা পুঁজি আত্মসাৎ কৰিছিল অৱসৰপ্ৰাপ্ত সঞ্চালক ৰুমী গোস্বামীয়ে(Scam in library development) ৷

পুথিভঁৰাল উন্নয়নৰ বাবে আৱণ্টিত বৃহৎ পৰিমাণৰ ধনখিনি ব্যক্তিগত কামত ব্যৱহাৰ কৰিছিল অৱসৰপ্ৰাপ্ত সঞ্চালক ৰুমী গোস্বামীয়ে । ঘটনা সন্দৰ্ভত পাণবজাৰৰ সহকাৰী আৰক্ষী আয়ুক্ত পৃথ্বীৰাজ ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত কয় যে , যোৱা ২৬ অক্টোবৰত পুথিভড়াল সেৱা সঞ্চালকালয়ৰ সঞ্চালক দীনমণি দাসে পূৰ্বৰ সঞ্চালকে ধনৰ খেলিমেলি কৰাৰ অভিযোগ দাখিল কৰিছিল । সেই অভিযোগৰ ভিত্তিত পাণবজাৰ আৰক্ষী থানাত ২৬৩/২২ নম্বৰত গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছিল ।

প্ৰাৰম্ভিক পৰ্যায়ত চলা আৰক্ষীৰ তদন্তত চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত অৱসৰ গ্ৰহণ কৰা পুথিভঁৰালৰ সঞ্চালক ৰুমী গোস্বামীয়ে স্বামী প্ৰণৱ গোস্বামীৰ সৈতে মিলি ৪৬ লাখ ১৩ হাজাৰ টকা আত্মসাৎ কৰাৰ তথ্য পোহৰলৈ আহে । অৱসৰ গ্ৰহণৰ তিনিদিন পূৰ্বেও ৰুমী গোস্বামীয়ে পুথিভঁৰাল উন্নয়নৰ নামত আৱণ্টিত ধন উলিয়াইছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ । সমস্ত ধনখিনি পুথিভঁৰাল উন্নয়নৰ বিপৰীতে ব্যক্তিগত নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰিছিল অৱসৰপ্ৰাপ্ত সঞ্চালক ৰুমী গোস্বামীয়ে । শুক্ৰবাৰে অৱসৰপ্ৰাপ্ত সঞ্চালক ৰুমী গোস্বামীৰ স্বামী প্ৰণৱ গোস্বামীক সোধপোছৰ অন্তত গ্ৰেপ্তাৰ কৰা হয় ।

লগতে পঢ়ক:Maharastra CM in Guwahati : গুৱাহাটীত দলে-বলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

For All Latest Updates

ABOUT THE AUTHOR

...view details