অসম

assam

ETV Bharat / state

3 বজাৰ শীৰ্ষ দহটা খবৰ

3 বজাৰ শীৰ্ষ দহটা খবৰ

3 PM TOP TEN NEWS
3 বজাৰ শীৰ্ষ দহটা খবৰ

By

Published : Jul 27, 2020, 3:10 PM IST

সুখবৰ: লাওখোৱা অভয়াৰণ্যত বাঘৰ সফল প্ৰজনন

লাওখোৱা অভয়াৰণ্যত দেখিবলৈ পোৱা গৈছে বাঘৰ সফল প্ৰজনন ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণৰ বিভাগীয় টুইটাৰযোগে এই বিষয়ে অৱগত কৰে কৰ্তৃপক্ষই ৷ অসমত সচৰাচৰ মানাহ অভয়াৰণ্য আৰু কাজিৰঙাৰ বাহিৰে অন্য অৰণ্য সমূহত পোৱা নাযায় বাঘ ৷ কিন্তু মধ্য অসমৰ লাওখোৱা অভয়াৰণ্যৰ ৰেঞ্জাৰসকলে প্ৰথমবাৰৰ বাবে অভয়াৰণ্য খনত প্ৰত্যক্ষ কৰিলে বাঘৰ সফল প্ৰজনন ৷

আই নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম অৰ্ধ শতাধিক পৰিয়াল

বঙাইগাঁও জিলাত বানৰ সমান্তৰালকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে খহনীয়াই ৷ জিলাখনৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ২নং বাঁশবাৰীত খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত ভাবুকি সৃষ্টি হৈছে জন-জীৱনৰ প্ৰতি ৷ আই নদীৰ এই খহনীয়াত সৰ্বহাৰা হোৱাৰ উপক্ৰম হৈছে অৰ্ধ শতাধিক পৰিয়ালৰ । উপায়বিহীন ৰাইজে কাঠ, বাঁহ আদিৰে নিজাববীয়া প্ৰচেষ্টাৰে খহনীয়া ৰোধ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ক্ৰমাৎ উন্নত ৰাজ্যৰ বান পৰিস্থিতি:মৃতকৰ সংখ্যা 102 লৈ বৃদ্ধি

সোমবাৰৰ দিনটোলৈকে ৰাজ্যৰ 22 খন জিলাত অপৰিৱৰ্তিত হৈ আছে বান ৷ 64 টা ৰাজহ চক্ৰত বানত বুৰ গৈছে 2,265 খন গাঁও ৷ ৰাজ্যত বানৰ দ্বাৰা ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা বৃদ্ধি হৈছে 24,76,431 গৰাকীলৈ ৷ লগতে 1,12,667.06 হেক্টৰ কৃষি ভূমি সম্পূৰ্ণৰূপে বিনষ্ট হৈছে বানত ৷ ৰাজ্যত বন্যাৰ্তৰ সুবিধাৰ্থে স্থাপন কৰা 269 টা সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে 45,912 গৰাকী বানাক্ৰান্তই ৷ বান বিধ্বস্ত এলেকাসমূহত এনডিআৰএফ, এছডিআৰএফ বাহিনীৰ লগতে স্থানীয় প্ৰশাসনে অবিৰতভাৱে চলাই গৈছে উদ্ধাৰ অভিযান ৷ ইতিমধ্যে বানত প্ৰাণ হেৰুৱাইছে 102 গৰাকী লোকে ৷

মহামাৰীৰ মাজতো অব্যাহত বিটিচি নিৰ্বাচনৰ কুচকাৱাজ

বিটিচি নিৰ্বাচনৰ মূল অংশীদাৰ হিচাপে শাসনত ভাৰতীয় জনতা পাৰ্টীক আনিবলৈ দলটোৱে নিজৰ সৰ্বশক্তিৰে এই যুঁজখনত অৱতীৰ্ণ হৈছে ৷ ওদালগুৰিত এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷ আগন্তুক বিচিটি পৰিষদীয় নিৰ্বাচনৰ বাবে কুচকাৱাজ অব্যাহত ৰাখিছে বিপিএফ, ইউপিপিএল, বিজেপি ধৰি ভিন্ন ৰাজনৈতিক দলে ৷ এই ক্ষেত্ৰত অধিক তৎপৰতা দেখিবলৈ পোৱা গৈছে শাসনাধীন দলৰ ৷

বন্যাৰ্তৰ বিলৈ: শেষকৃত্য সমাপনৰ বাবে ঠাইৰ অভাৱ গোলাঘাটত

বোকাখাত সমষ্টিৰ দুখুটিমুখ অঞ্চলৰ বাদল দলে নামৰ এগৰাকী ব্যক্তিৰ মৃতদেহক কেন্দ্ৰ কৰি সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতি ৷ যোৰহাট চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত মৃত্যুক সাৱটি লোৱা ব্যক্তিগৰাকীৰ শেষকৃত্য সম্পন্ন কৰিবলৈ বৃহত্তৰ অঞ্চলটোত নাই কোনো ওখ ঠাই ৷ সমগ্ৰ অঞ্চলটো ইতিমধ্যে বানে প্লাৱিত কৰাৰ পিছত সম্প্ৰতি এই অভাৱৰ সন্মুখীন হৈছে ব্যক্তিগৰাকীৰ পৰিয়ালবৰ্গ ৷

দুখীয়াৰ ডিজিটেল শিক্ষা এক কঠিন প্ৰত্যাহ্বান

বিহাৰৰ পাটনাৰ পৰা 372 কি. মি. নিলগৰ পুৰ্নিয়া জিলাত এছাম শিশুয়ে অনলাইন শিক্ষা লাভ কৰিবলৈ সক্ষম হৈছে যদিও এছাম ইয়াৰ পৰা বঞ্চিত হৈছে ৷ ইয়াৰে 30 শতাংশ ছাত্ৰই আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা ৷ এনে পৰিয়ালসমূহৰ বাবে ছাত্ৰসকলৰ অনলাইন শিক্ষা কঠিন প্ৰত্যাহ্বান হিচাপে থিয় দিছে ৷ ইয়াৰে অধিক সংখ্যক আৱাসীয়েই চৰকাৰী কাৰ্যালয়সমূহত চাফাই কৰ্মচাৰী হিচাপে কাম কৰে ৷ তেওঁলোকে মাহিলী পাৰিশ্ৰমিক হিচাপে লাভ কৰে 7ৰ পৰা 8 হাজাৰ টকা ৷ মহিলাসকলৰো কিছু সংখ্যকে চাফাই কৰ্মচাৰী আৰু কিছুসংখ্যকে বনকৰা মহিলা হিচাপে কাম কৰে ৷

লক্ ডাউনে সৰ্বস্বান্ত কৰিছে ক্ষুদ্ৰ ব্যৱসায়ীক

কৰ'ণা সংক্ৰমণ ৰোধৰ বাবে লক্ ডাউনৰ দৰে ইতিবাচক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও এই লক্ ডাউনে যথেষ্ট নেতিবাচক প্ৰভাৱ পেলালে একাংশ ৰাইজৰ মাজত । বিগত পাঁচ মাহে দুৰ্বিসহ জীৱন যাপন কৰিবলৈ বাধ্য হৈছে একাংশ খাটি খোৱা সাধাৰণ লোকে । লক্ ডাউনে বহুজনৰ জীৱন নিঃশেষ কৰাৰ দিশে যেন গতি কৰিছে ৷ এটাৰ পিছত আনটো লক্ ডাউনে যেন একাংশৰ জীৱন জীৱিকা শেষ কৰি পেলাইছে ৷

ৰাজহুৱা সম্পত্তি আত্মসাৎ কৰি আৰক্ষীৰ জালত কংগ্ৰেছী ঠিকাদাৰ

জনস্বাস্থ্য কাৰিকৰী বিভাগেৰ পানীৰ পাইপ চুৰি কৰি নিজ গৃহ নিৰ্মাণত ব্যৱহাৰ কৰাৰ অভিযোগ মৰিয়নীৰ নকছাৰীৰ ইমতিয়াজ আলি নামৰ কংগ্ৰেছী নেতা তথা ঠিকাদাৰ গৰাকীৰ বিৰুদ্ধে ৷ বীৰ লাচিত সেনাৰ সহযোগত চুৰি সামগ্ৰী জব্দ কৰিলে আৰক্ষী প্ৰশাসনে ৷

ঈদ উল জোহা উপলক্ষে লক্ ডাউন শিথিলৰ আহ্বান

মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বৰ্তমান লক্ ডাউন ৷ আনহাতে, 1 আগষ্ট শনিবাৰে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো পালন কৰা হ'ব পবিত্ৰ ঈদ উল জোহা ৷ সেয়ে মুছলমান ধৰ্মাৱলম্বী লোকসকলক মুকলি মনেৰে ঈদ উল জোহা উদযাপনৰ উদ্দেশ্যে লক ডাউন কিছু শিথিল কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাই হাইলাকান্দি জিলাৰ অধিবক্তা মোফাজল হুছেইন বৰভূইয়াই ৷

ভাৰতে বাংলাদেশক হস্তান্তৰ কৰিব 10 টা ব্ৰডগজ ডিজেলযুক্ত ইঞ্জিন

বাংলাদেশক হস্তান্তৰ কৰিবলগীয়া 3300 এছপিডব্লিউএম 3 ডি যুক্ত ইঞ্জিনসমূহ 28 বছৰৰো অধিক কালৰ ৱাৰেণ্টি সমৃদ্ধ ৷ তদুপৰি ঘণ্টাত প্ৰায় 120 কিল’মিটাৰ বেগেৰে যাত্ৰা কৰিব পৰাকৈ ইয়াক প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ বিবৃতিত প্ৰকাশ কৰা অনুসৰি, উক্ত দবাসমূহ মালবাহী হোৱাৰ উপযুক্ত হোৱাৰ লগতে যাত্ৰীৰ বাবেও সুবিধাজনক হ’ব ৷

লগতে পঢ়ক : দিনৰ 11 বজাৰ শীৰ্ষ দহটা বাতৰি

ABOUT THE AUTHOR

...view details