গুৱাহাটী, ২২এপ্ৰিলঃ শেহতীয়া জৰুৰীকালীন পৰিস্থিতিত বিদেশ আৰু অসমৰ বাহিৰত আবদ্ধ হৈ অসুবিধাত পৰা এক লক্ষণীয় সংখ্যক অসমৰ লোকে ৰাজ্য চৰকাৰৰ পৰা লাভ কৰিছে আৰ্থিক সাহাৰ্য । এই ক্ষেত্ৰত অসম চৰকাৰে ইতিমধ্যে ব্যয় কৰিছে প্ৰায় 23 কোটি টকা । বুধবাৰে সংবাদ মেল সম্বোধন কৰি এই কথা জানিবলৈ দিয়ে ৰাজ্যৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ডঃ শৰ্মাই সাংবাদিকক জনোৱা অনুসৰি,অসম চৰকাৰে লোৱা এক অভিলাষী আঁচনিৰ অংশ হিচাপে কৰ'ণাৰ ভাইৰাছৰ বাবে দেশজুৰি চলা লক ডাউনৰ ফলত বিদেশত অসুবিধাত পৰা 34 গৰাকী লোকে এহেজাৰ ডলাৰ কৈ আৰ্থিক সাহাৰ্য ইতিমধ্যে লাভ কৰিছে । এই শিতানত বিত্ত বিভাগে মোকলাই দিছে মুঠ 25,76, 490 টকা। একেদৰে বিভিন্ন জৰুৰী চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ গৈ আবদ্ধ হৈ থকা অসমৰ12272জন লোকৰ বিপৰীতে চৰকাৰে মোকলাই দিছে মুঠ 20.45 কোটি টকা ।
আনহাতে, অন্য ধৰণে ৰাজ্যৰ বাহিৰত আবদ্ধ আন 717 জন লোকৰ বিপৰীতেও মোকলাই দিয়া হৈছে 1.8 কোটি টকা । অৰ্থাৎ এনে সাহাৰ্যৰ শিতানত ইতিমধ্যে খৰছ কৰা হৈছে প্ৰায় তেইশ কোটি টকা। মন্ত্ৰী গৰাকীয়ে জনোৱা মতে চৰকাৰৰ এই আঁচনি অব্যাহত আছে আৰু প্ৰয়োজন হ'লে এই শিতানত এশ কোটি টকা খৰছ কৰিবলৈকো চৰকাৰ সাজু আছে । মন্ত্ৰী গৰাকীৰ মতে এই মূহুৰ্তত অসমৰ বাহিৰত চাৰি লাখতকৈও অধিক অসমীয়া আবদ্ধ হৈ আছে আৰু ভালে সংখ্যকে মিছকলৰ দ্বাৰা নাম পঞ্জীভুক্ত কৰিছে যদিও নাম আৰু বেংকৰ একাউণ্টৰ নথিৰ মিল নথকা বাবে টকা জমা দিব পৰা হোৱা নাই । গতিকে এই ক্ষেত্ৰত সচেতন হ'বলৈ তেওঁ আবেদনকাৰী সকলক সংবাদমেলযোগে আহ্বান জনায়।