ৰাজনৈতিক জটিলতাই ডাৰ্জিলিঙৰ চাহৰ পিয়লা গৰমাই তুলিছে
পশ্চিমবংগত আগন্তুক মহত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত ‘দাৰ্জিলিং চাহৰ’সদা গৰম পিয়লাটো মমতা বেনাৰ্জীৰ চৰকাৰখন আৰু বিৰোধী দল বি জে পিৰ বাবে এক ‘ছিজলাৰ’লৈ হিচাপে পৰিগণিত হৈছে ৷ বিগত তিনি বছৰ ধৰি পাৰ্বত্য জিলাখন আৰু টেৰাই অঞ্চলটো তুলনামূলকভাৱে নিষ্ক্ৰিয় হৈ থকাৰ পাচত গোৰ্খা জনমুক্তি মৰ্চাৰ (জি জে এম) প্ৰাক্তন প্ৰমুখ বিমল গুৰুঙৰ আকস্মিকভাৱে হোৱা নাটকীয় পুনৰাগমনে চেঁচা পৰিবলৈ ধৰা চাহৰ পিয়লাটোত সমস্যাৰ বুৰবুৰণি সৃষ্টি কৰিছে ৷
তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনঃ মনোনয়ন দাখিলৰ আজি অন্তিম দিন
আগন্তুক তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে শুকুৰবাৰে মনোনয়ন পত্ৰ দাখিল ছয় প্ৰাৰ্থীৰ । শনিবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন ।
বাক্সাত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ
শনিবাৰে পুৱতি নিশা বাক্সাৰ তামুলপুৰত মাৰুতি বাহন আৰু বৰযাত্ৰীৰ বাছৰ মাজত মুখামুখি সংঘৰ্ষ ৷ দুৰ্ঘটনাত বৰযাত্ৰীৰ দলটোৰ কেইবাজনো লোক আৰু দুই মাৰুতি আৰোহী গুৰুতৰভাৱে আহত হয় যদিও বৰ্তমান তেওঁলোক সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷
ধন আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়ে পঞ্চায়তৰ জিআৰএছে!
বৰপেটাৰ ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত 57 নং ইছৱপুৰ গাওঁ পঞ্চায়তৰ গ্ৰাম ৰোজগাৰ সহায়ক খলিলুৰ ৰহমানৰ বিৰুদ্ধে লুণ্ঠনৰাজৰ অভিযোগ ৷ পঞ্চায়তৰ অন্তৰ্গত দুখীয়া ৰাইজে 500-1200 টকা আদায় নিদিলে জবকাৰ্ড বনাই নিদিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী ৰাইজে ৷