টীয়ক, 15 ডিচেম্বৰ :যোৰহাট জিলাৰ টীয়কৰ ৰজাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এক ব্যৰ্তিক্ৰমী পদক্ষেপে এতিয়া সকলোকে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । পেলনীয়া সামগ্ৰীসমূহ আবৰ্জনা হিচাপে পেলাই নিদি সেইসমূহ সামগ্ৰীয়ে বিভিন্ন সৃজনশীল সামগ্ৰী নিৰ্মাণত ব্যৱহাৰ কৰিছে বিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীয়ে ।
ছাত্ৰ-ছাত্ৰীসকলে জুইশলা বাঁহ, ডাঠ কাগজ, বটলৰ সাফৰ, আদি সামগ্ৰী সমূহ ব্যৱহাৰ কৰি তৈয়াৰ কৰিছে বিভিন্ন সামগ্ৰী । য'ত আছে শ্ৰেণীকোঠাত সজাই থ'ব পৰাকৈ জেচিপি, ডাম্পাৰ, টেক্টৰৰ আৰ্হিৰ ফুলদানি আদি । তদুপৰি ছাত্র-ছাত্ৰী সকলে বিদ্যালয়ৰ চৌহদতে নিৰ্মাণ কৰিছে এখন ক্ষুদ্ৰ উদ্যান আৰু এই ক্ষুদ্ৰ উদ্যানতে পেলনীয়া সমগ্ৰীয়ে তৈয়াৰ সামগ্ৰী সমূহ সজাই ৰখা হৈছে ৷