অসম

assam

যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ

By

Published : Jan 25, 2021, 7:46 PM IST

যোৰহাটত ৰাইজৰ দলৰ মহিলা কোষ গঠন ৷ 2021 ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে ৷ পিছ পৰি থকা নাই নতুনকৈ গঠন হোৱা ৰাইজৰ দলো, গঠন কৰা হৈছে ৰাইজৰ দলৰ ভগ্নীসদৃঢ় সংগঠন সমূহ ৷

যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ
যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ

যোৰহাট,25 জানুৱাৰী : সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিভিন্ন ৰাজনৈতিক দলসমূহৰ কুচ-কাৱাজ অব্যাহত থকাৰ সময়তে এইবাৰ যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ ৷

2021 ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচনী তৎপৰতা আৰম্ভ কৰিছে | পিছ পৰি থকা নাই নতুনকৈ গঠন হোৱা ৰাইজৰ দলো, গঠন কৰা হৈছে জিলা সমিতি, আঞ্চলিক সমিতি সমুহ ৷ তদুপৰি গঠন কৰা হৈছে ৰাইজৰ দলৰ ভগ্নী সদৃশ সংগঠন সমূহ ৷

যোৰহাটত গঠন হ’ল ৰাইজৰ দলৰ মহিলা কোষ

সোমবাৰে যোৰহাট জিলা প্ৰেছ ক্লাৱত অনুষ্ঠিত কৰা হয় ৰাইজৰ দলৰ প্ৰথম মহিলা কোষ গঠন সভা ৷ এই সভাত উপস্থিত থাকে ৰাইজৰ দলৰ জিলা সভাপতি দিব্যজ্যোতি শৰ্মা, কাৰ্যনিবাহক সদস্য ত্ৰিদিপ দত্তকে প্ৰমুখ্যে বহু কেইজন বিষয়ববীয়া ।

এই সভাত ৰাইজৰ দলৰ মুখ্য শ্ল’গান ২০২১ ৰ নিৰ্বাচনত বি জে পি বিসৰ্জন হ’ব বুলি অৱগত কৰে | উল্লেখযোগ্য যে সভাত অৰ্ধ শতাধিক মহিলা বিজেপি আৰু কংগ্ৰেছ দলৰ পৰা ৰাইজৰ দলত যোগদান কৰে ৷

লগতে পঢ়ক:২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ ২৭ জানুৱাৰীত আমগুৰিত অগপৰ জাতীয় ঐক্য সমাৰোহ

ABOUT THE AUTHOR

...view details