অসম

assam

ETV Bharat / state

টীয়ক আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ

'য'তে বাঘৰ ভয় তাতে ৰাতি হয়' । এই আপ্ত বাক্যশাৰীৰ যেন বাস্তৱ প্ৰতিফলন ঘটিল টীয়কৰ এটা চোৰৰ লগত । প্ৰথমে এঘৰত লুট-পাত । লেপটপ, বাইক, নগদ ধন লুটি আনন্দিত হৈ উভতাৰ পথতে আগভেঁটি ধৰিলে আৰক্ষীয়ে । চুৰি সামগ্ৰী থান-থিত লগোৱাৰ আশা এৰি ৰঙা ঘৰলৈ বাট বুলিলে গভাইত চোৰে ।

টীয়ক আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ
টীয়ক আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ

By

Published : Dec 11, 2020, 1:41 PM IST

টীয়ক, ১১ ডিচেম্বৰ: যোৰহাট জিলাৰ টীয়কত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । গৃহস্থ ঘৰত থকা অৱস্থাতো লুট-পাত চলাবলৈ ভয় নকৰে চোৰে । বুধবাৰে নিশা টীয়ক আৰক্ষীয়ে চুৰি সামগ্ৰীসহ এটা গভাইত চোৰক আটক কৰে । নিশা টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৩নং ৱাৰ্ডৰ বাসিন্দা নৃপেণ দত্তৰ ঘৰত দুটা চোৰে প্ৰৱেশ কৰে । ৰাতি মানুহ শুই থকাৰ সুযোগতে চোৰে লুটি নিয়ে নগদ ২৯ হাজাৰ টকাৰ লগতে দুটা লেপটপ, এটা মোবাইল ফোন, এটা পাৱাৰ বেংক, হাৰ্ড ডিস্ক ।

টীয়ক আৰক্ষীৰ জালত পৰিল এটা গভাইত চোৰ

কেৱল ইয়াতে ক্ষান্ত নাথকিল দুই চোৰ । কাষৰে আন এজন লোকৰ এখন বাইক লৈ উধাও হয় চোৰ দুটা । জানিব পৰা মতে, পুৱতি নিশা চোৰৰ দলটো টীয়ক আৰক্ষীৰ এটা তহলদাৰী দলৰ মুখামুখি হয় । আৰক্ষীক দেখি ৰাজীৱ বৰ্মন নামৰ এটা চোৰ পলায়ন কৰিবলৈ সক্ষম হয় যদিও চুৰি কৰি নিয়া বাইকসহ নগাঁও জিলাৰ কলিয়াবৰৰ হিমাংশু বৰ্মন নামৰ আন এটা চোৰক আৰক্ষীয়ে আটক কৰে । দীৰ্ঘদিন ধৰি চোৰৰ চক্ৰটোৱে অঞ্চলটোত লুট-পাত চলাই আহিছিল ।

নিশা সংঘটিত হোৱা চুৰিকাণ্ড সন্দৰ্ভত টীয়ক আৰক্ষী থানাত নৃপেণ দত্তই এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে চোৰটোক জিম্মাত লৈ সোধা-পোছা আৰম্ভ কৰিছে । টীয়ক আৰক্ষীয়ে অতি সোনকালে চোৰৰ দলটো কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব বুলি বুলি আশা কৰিছে ভুক্তভোগীৰ লগতে স্থানীয় ৰাইজে । চুৰি বৃত্তিত লিপ্ত হোৱাৰ পূৰ্বে হিমাংশু বৰ্মন নামৰ চোৰটোৱে মিস্ত্ৰীৰ কাম কৰিছিল বুলি প্ৰকাশ কৰিছে ।

লগতে পঢ়ক:ডুমডুমাৰ ৰূপাই হাইস্কুলত ছাত্ৰ-ছাত্ৰীৰ বাবে ৱাচ ব্যৱস্থাৰ মুকলি

ABOUT THE AUTHOR

...view details