অসম

assam

টীয়কত অসম যুৱ পৰিষদৰ কৰ'ণা সজাগতাৰ পদক্ষেপ

By

Published : May 27, 2021, 6:55 PM IST

টীয়কত অসম যুৱ পৰিষদৰ কৰ'ণা সজাগতা পদক্ষেপ । পদপথৰ ব্যৱসায়ীৰ মাজত মাস্ক বিতৰণ ।

teok
টীয়কত অসম যুৱ পৰিষদৰ কৰ'ণা সজাগতা পদক্ষেপ

টীয়ক, ২৭ মে': সমগ্ৰ দেশৰ লগতে ৰাজ্যখনতো ভয়াৱহ ৰূপত বৃদ্ধি পায়েই আহিছে কৰ’ণা ভাইৰাচৰ সংক্ৰমণ ৷ চৰকাৰ অথবা প্ৰশাসনে জনসাধাৰণক ক’ভিড সংক্ৰমণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে টীয়ক সমষ্টিৰ যুৱ পৰিষদৰ একাংশ কৰ্মীয়ে গ্ৰহণ কৰা এই আদৰণীয় পদক্ষেপে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৷

কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ কালৰূপৰ মাজতে অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক প্ৰানজিৎ হাজৰিকাৰ নেতৃত্বত টীয়ক সমষ্টিৰ যুৱ পৰিষদৰ একাংশ কৰ্মীয়ে ৰাইজৰ মাজত বিনামূলীয়াকৈ বিতৰণ কৰিছে মাক্স । বৃহস্পতিবাৰে পুৱা পদপথৰ ব্যৱসায়ীসকলৰ মাজত মাস্ক বিতৰণ কৰৰ সমান্তৰালকৈ কৰ্মীসকলে ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰা পৰিলক্ষিত হয় ৷

টীয়কত অসম যুৱ পৰিষদৰ কৰ'ণা সজাগতা পদক্ষেপ

টীয়ক নগৰৰ জনবহুল অঞ্চল সমূহত যুৱ পৰিষদৰ এই সজাতি দলটোৱে পদপথৰ ব্যৱসায়ী, ক্ৰেতা, সাধাৰণ ৰাইজ তথা সাংবাদিকক বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰাৰ লগতে ৰাজ্যৰ অনান্য আঞ্চলিকসমূহকো এই দুৰ্যোগৰ সময়ত সকলোকে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: নলবাৰীৰ কথিত ভাষাক লৈ ইতিকিং কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ

ABOUT THE AUTHOR

...view details