অসম

assam

By

Published : Nov 6, 2020, 12:55 PM IST

ETV Bharat / state

বিদ্যালয় স্থানান্তৰক লৈ তিতাবৰ বছাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

এটা দুষ্ট চক্ৰই অসম চৰকাৰৰ সদ্য ঘোষিত বাগান মডেল হাইস্কুলৰ আঁচনিৰ অধীনত অনুমোদন জনোৱা তিতাবৰ বছাবাৰী চাহ বাগিছাৰ আৰ্দশ বিদ্যালয়খন ৰাই পানী চাহ বাগিছালৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ ৷

Tens situation at Bosabari tea Estate
বিদ্যালয় স্থানান্তৰক লৈ তিতাবৰ বছাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

তিতাবৰ, 6 নৱেম্বৰ:চৰকাৰী নিৰ্দেশৰ পৰিৱৰ্তে অন্য স্থানলৈ অনুমোদিত বিদ্যালয় স্থানান্তৰ কৰাৰ ঘটনাক লৈ তিতাবৰ বছাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি ৷ এটা দুষ্ট চক্ৰই অসম চৰকাৰৰ সদ্য ঘোষিত বাগান মডেল হাইস্কুলৰ আঁচনিৰ অধীনত অনুমোদন জনোৱা তিতাবৰ বছাবাৰী চাহ বাগিছাৰ আৰ্দশ বিদ্যালয়খন ৰাই পানী চাহ বাগিছালৈ নিয়াৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ ৷ যাৰ বাবে ক্ষোভত হৈ প্ৰতিবাদমুখৰ হৈ পৰিছে বাগিছা খনৰ ৰাইজ ৷ কোনো প্ৰকাৰেই বিদ্যালয়খন স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি দাবী জনাইছে ক্ষোভিত ৰাইজে ৷

বিদ্যালয় স্থানান্তৰক লৈ তিতাবৰ বছাবাৰী চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে,অসম চৰকাৰে লোক নিৰ্মাণ বিভাগৰ অধীনত বাগিচা অধ্যুষিত অঞ্চলত আদৰ্শ হাইস্কুল নিৰ্মাণৰ কাৰ্যসূচী আৰম্ভ কৰা হৈছে । ইয়াৰ অধীনত বছাবাৰী চাহ বাগিছাতো এখন আৰ্দশ বিদ্যালয় প্ৰতিষ্ঠা কৰিবলৈ প্ৰাৰম্ভিক কাম কাজ আৰম্ভ কৰা হৈছে ৷ কিন্তু ইয়াৰ পিছতো এটা দুষ্ট চক্ৰই বিদ্যালয়খন স্থানান্তৰ কৰি বছাবাৰী চাহ বাগিচাৰ পৰিৱৰ্তে চৰাই পানী চাহ বাগিছালৈ নিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ বিদ্যালয়খন স্থানান্তৰ নকৰিবলৈ যোৰহাট জিলা উপযুক্ত,তিতাবৰ মহকুমাধিপতি,যোৰহাটৰ সাংসদ তপন গগৈ,ৰাজ্য সভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,আটছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ধীৰাজ গোৱালা আৰু অসম চাহ মজদুৰ সংঘলৈ প্ৰতিলিপি প্ৰেৰণ কৰিছে ৰাইজে ।

লগতে পঢ়কঃলামডিঙত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

ABOUT THE AUTHOR

...view details