অসম

assam

By

Published : Jul 25, 2020, 12:10 PM IST

ETV Bharat / state

টীয়কত ৬ গৰাকীৰ নিৰাপত্তাৰক্ষীৰ দেহত কোভিড-19 পজিটিভ

টীয়ক নগৰৰ জনসমাগম হোৱা স্থানসমূহত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ আছিল নিৰাপত্তা বাহিনীৰ জোৱান কেইজন ৷

six-police-man-covid-19-positive-at-teok
টীয়কত ৬ গৰাকীৰ নিৰাপত্তাৰক্ষী জোৱানৰ দেহত ক’ভিড-19 পজিটিভ

টীয়ক,25জুলাইঃ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কাষতে ৰাজহুৱা প্ৰেক্ষাগৃহত চাউনী পাতি থকা সীমান্ত নিৰাপত্তা বাহিনীৰ 6 জন জোৱানৰ দেহত কোভিড-19 পজিটিভ ধৰা পৰাত সমগ্ৰ অঞ্চলটোতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । চাউনীটোত থকা মুঠ দহ’জন জোৱানৰ ভিতৰত 6 জনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাৰ পাছত ছয় গৰাকীকে শুকুৰবাৰে বিয়লি কোৱাৰেন্টাইন কক্ষলৈ প্ৰেৰণ কৰিছে আৰু চাউনী হিচাপে ব্যৱহাৰ কৰা প্ৰেক্ষাগৃহটো বন্ধ কৰি দিছে প্ৰশাসনে ।

টীয়কত ৬ গৰাকীৰ নিৰাপত্তাৰক্ষী জোৱানৰ দেহত ক’ভিড-19 পজিটিভ

উল্লেখযোগ্য যে, চাউনীটোত থকা আন নিৰাপত্তাৰক্ষী কেইজন কাষৰে এটা কক্ষত বৰ্তমান আশ্ৰয় লৈ আছে । ইপিনে যি কেইগৰাকীৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰিছিল তেওঁলোকে টীয়ক নগৰৰ জনসমাগম হোৱা স্থানসমূহত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আছিল ৷ ফলত তেওঁলোক বহুলোকৰ সংস্পৰ্শলৈ আহিছিল ৷ ইয়াকে লৈ এতিয়া টীয়কত সৃষ্টি হৈছে আতংকময় পৰিস্থিতিৰ ৷

লগতে পঢ়কঃ মহিলা কনিষ্টবল পুনি মেচলৈ অসম আৰক্ষীৰ শেষ শ্ৰদ্ধা

ABOUT THE AUTHOR

...view details