অসম

assam

ETV Bharat / state

তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ সমান্তৰালকৈ চলিব ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ ওলোৱা এই শ্ৰমিক দিৱসৰ বিৰোধিতা কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শনিবাৰে কেইবাশ চাহ শ্ৰমিকক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷

By

Published : Nov 22, 2019, 8:04 PM IST

তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ সমান্তৰালকৈ চলিব ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

মৰিয়নী, 22 নৱেম্বৰঃ শনিবাৰে মৰিয়নীত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হ’ব অসম চৰকাৰৰ শ্ৰমিক কল্যাণ বিভাগৰ তৃতীয় শ্ৰমিক কল্যাণ দিৱস ৷ কিন্তু দিনজোৰা কাৰ্যসূচীৰে পালন কৰিবলৈ ওলোৱা এই শ্ৰমিক দিৱসৰ বিৰোধিতা কৰিছে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷ শনিবাৰে কেইবাশ চাহ শ্ৰমিকক লগত লৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে বিধায়কগৰাকীয়ে ৷ শ্ৰমিক সকলৰ উন্নয়নৰ বাবে বর্তমানৰ চৰকাৰখনে কোনোধৰণৰ কাম নকৰি মাথো শ্ৰমিক সকলক আভুৱা ভাৰিবলৈ শ্ৰমিক কল্যাণ দিৱস উদযাপন কৰিবলৈ লোৱা বুলি এক সংবাদমেল যোগে অভিযোগ উত্থাপন কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷

তৃতীয় শ্ৰমিক কল্যাণ দিৱসৰ বিৰুদ্ধে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিবাদ

উল্লেখ্য যে, শনিবাৰে উদযাপন কৰিবলগীয়া এই শ্ৰমিক কল্যাণ দিৱসত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী,স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে আদি কৰি বহুকেইগৰাকী মন্ত্ৰী,সাংসদ তথা বিধায়ক ৷

গোৱা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত 'ডঃ বেজবৰুৱা' আৰু 'বহুবৃত্ত'

ABOUT THE AUTHOR

...view details