টীয়ক, 27আগষ্টঃ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ মেলেং উপশাখাৰ উদ্যোগত মেলেং উপশাখাৰ অন্তৰ্গত সমূহ প্ৰাথমিক গোটৰ সহযোগত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, ৰেচনৰ মানদণ্ড উন্নত কৰা, চিকিৎসা সেৱা উন্নত কৰাকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত মেলেং চাহ বাগিছাৰ গেটৰ মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ ৷
টীয়কৰ মেলং চাহ বাগিছাত আটছাৰ ধৰ্ণা কাৰ্যসূচী - Protest by AATSA at Teaok Meleng Tea Estate
চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা, ৰেচনৰ মানদণ্ড উন্নত কৰা, চিকিৎসা সেৱা উন্নত কৰা আদিৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৷
টীয়কৰ মেলং চাহ বাগিছাত আটছাৰ ধৰ্ণা কাৰ্যসূচী
লগতে বিভিন্ন দাবী সম্বলিত এক স্মাৰকপত্ৰ বাগিচাৰ কৰ্তৃপক্ষক প্ৰদান কৰে । চাহ শ্ৰমিকৰ এই দীৰ্ঘদিনীয়া সমস্যাসমূহ অনতি পলমে সমাধানৰ দাবী জনায় অন্যথা বাগিচাখনৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ।
লগতে পঢ়কঃশিল্পী ৰঞ্জন বেজবৰুৱালৈ ৰাষ্ট্ৰীয় সংস্কৃত গীতিকাৰ সন্মান