অসম

assam

ETV Bharat / state

Protest Against Cabinet Decision: গোলাঘাটৰ সৈতে যোৰহাটৰ গাঁও চামিলকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

যোৰহাট জিলাৰ 38খন গাঁও গোলাঘাট জিলাৰ সৈতে চামিলকৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ কেবিনেটৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ বৰহোলাবাসী ৰাইজৰ ৷ বৰহোলাৰ 20খনকৈ গাঁও গোলাঘাট জিলাৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে ৷

By

Published : Jan 2, 2023, 10:43 PM IST

Protest Against Cabinet Decision
গোলাঘাটৰ সৈতে যোৰহাটৰ গাঁও চামিলকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

গোলাঘাটৰ সৈতে যোৰহাটৰ গাঁও চামিলকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

যোৰহাট, 2 জানুৱাৰী: যোৰহাট জিলাৰ বহু কেইখন গাঁও গোলাঘাট জিলাৰ সৈতে চামিলকৰণৰ (Village amalgamation with Golaghat) বাবে কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে যোৰহাটত জ্বলিছে ক্ষোভৰ জুই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিছে গাঁৱসমূহৰ শতাধিক ৰাইজ(Protest against Assam cabinet decision) ৷ তিতাবৰ মহকুমাৰ ২০খন গাঁও গোলাঘাটৰ সৈতে অন্তৰ্ভুক্ত কৰাৰ বাবে চৰকাৰে প্ৰেৰণ কৰা জাননীৰ বিৰুদ্ধে গৰজি উঠিছে গাঁওকেইখনৰ ৰাইজ ৷

ৰাইজৰ মতামত গ্ৰহণ নকৰাকৈ কিবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত বাতিলৰ দাবীৰে তিতাবৰ বৰহোলাৰ GGSৰ(Borholla GGS) সন্মুখত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰিলে বৰহোলাবাসী ৰাইজে ৷ চৰকাৰৰে সিদ্ধান্ত শীঘ্ৰেই বাতিলৰ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ ৷

উল্লেখ্য যে, প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সমষ্টিৰ বিশখন গাঁও গোলাঘাট জিলাত অন্তৰ্ভুক্ত কৰাক লৈ এতিয়া তিতাবৰবাসী ৰাইজৰ মাজত স্বাভাৱিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ তিতাবৰৰ 20খন গাঁৱৰ ৰাইজে কোনো কাৰণতে চৰকাৰৰ এই সিদ্ধান্ত মানি নোলোৱাৰ দাবীৰে ৰূপায়ণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী (Protest in Jorhat) ৷ কেৱল ৰাজনৈতিক মুনাফা আদায়ৰ বাবেই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma) চৰকাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্ত জনসাধাৰণৰ কল্যাণৰ বাবে কোনো কাৰণতে নহয় বুলিও উল্লেখ কৰিছে প্ৰতিবাদী ৰাইজে ৷

এক জাননীযোগে ৰাইজৰ প্ৰশাসনিক কাম-কাজৰ সুবিধাৰ্থেহে গাঁৱকেইখন গোলাঘাটৰ সৈতে চামিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে উল্লেখ কৰিছে যদিও গাঁৱকেইখনৰ ৰাইজে সকলো প্ৰশাসনিক কাম-কাজৰ বাবে তিতাবৰলৈ অহা-যোৱা কৰাতহে সুবিধা হয় বুলি উল্লেখ কৰিছে (Amalgamation of Jorhat Village) ৷

প্ৰশাসনিক কাম-কাজৰ বাবে গোলাঘাটলৈ অহা-যোৱা কৰাত ৰাইজে ব্যাপক সমস্যাৰ সন্মুখীন হ’ব বুলিও সংবাদমাধ্যমৰ আগত অৱগত কৰিছে ৷ লগতে নথি-পত্ৰসমূহৰ তথ্য অথবা ঠিকনা সলনি কৰাৰ ক্ষেত্ৰটো ৰাইজ যথেষ্ট সমস্যাৰ সন্মুখীন হ’ব বুলি যুক্তি প্ৰদৰ্শন কৰিছে ৷ কিন্তু একপক্ষীয়ভাৱে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্ত বাতিল কৰিবনে তাকলৈ সন্দিহান হৈ পৰিছে সকলো ৷

ড৹ শৰ্মা চৰকাৰে এই সিদ্ধান্ত বাতিল নকৰিলে ব্যাপক গণ আন্দোলন কৰা হ’ব বুলি সকিয়াই দিছে প্ৰতিবাদী ৰাইজে ৷ ইফালে, ৰাজ্যৰ চাৰিখনকৈ জিলা হঠাতে বিলুপ্ত কৰাক লৈ ইতিমধ্যেই অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ বিশেষকৈ জিলা বিলুপ্তিৰ সিদ্ধান্ত বাতিলৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ জিলাৰ বিভিন্ন দল-সংগঠনে ৷

লগতে পঢ়ক:Protest in Morigaon; তিৱাৰ দাবী পূৰণ নহ’লে জ্বলিব মধ্য অসম; তিৱা সংগঠনৰ হুংকাৰ

ABOUT THE AUTHOR

...view details