অসম

assam

By

Published : Jun 12, 2023, 4:51 PM IST

ETV Bharat / state

Minister Atul Bora Banned: অসমৰ ৰাজনৈতিক ইতিহাসত নজিৰবিহীন প্ৰতিবাদ; লাইখুঁটা পুতি নিষিদ্ধ ঘোষণা মন্ত্ৰী অতুল বৰাক

অসমৰ ৰাজনীতিত কোনোকালে নোহোৱা এক প্ৰতিবাদ দেখা গ’ল দেৰগাঁৱত ৷ মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল একাংশ ৰাইজ ৷ লাইখুঁটা পুতি নিষিদ্ধ ঘোষণা কৰিলে অতুল বৰাক ৷

Protest against Minister Atul Bora
Protest against Minister Atul Bora

লাইখুঁটা পুতি নিষিদ্ধ ঘোষণা মন্ত্ৰী অতুল বৰাক

যোৰহাট, 12 জুন: ৰাজনীতিত উত্থান-পতন চিৰাচৰিত ঘটনা ৷ ৰাইজেই ৰজা পাতে, ৰাইজেই ৰজা ভাঙে গণতন্ত্ৰত ৷ ৰাইজৰ সেই ক্ষমতাৰ বাবে ৰজায়ো বহু সময়ত ৰাইজক সমীহ কৰি চলিব লগীয়া হয় ৷ কেতিয়াবা নিজৰ প্ৰভাৱ খটুৱাবলৈ গৈ ৰাজপাট হেৰুৱাব লগীয়া হয় ৰজাই ৷ শ্বহীদৰ ত্যাগ তথা লক্ষ লক্ষ অসমীয়াৰ বুকুৰ আবেগৰ উমত জন্ম পোৱা অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম ল’লেই এনে এখন ছবিয়েই মনলৈ আহে ৷

উপজিয়েই অসমৰ ৰাজপাট দখল কৰা দলটোৰ অস্তিত্ব আজি শেষ বিন্দুত ৰৈছেগৈ বুলি ক’লে নিশ্চয় ভুল কোৱা নহ’ব ৷ যোৰহাটত দেওবাৰে অনুষ্ঠিত কাৰ্যনিবাহক সভাত দলটোৰ জ্যেষ্ঠ নেতা তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তই এই কথা নিজমুখে স্বীকাৰ কৰিছে যে, একাংশ দলীয় নেতাৰ ভুল তথা দুৰ্বল স্থিতিৰ বাবেই দলটো জনতাৰ পৰা বিচ্ছিন্ন হৈ পৰিছিল ৷

সোমবাৰে যোৰহাট জিলাৰ দেৰগাঁৱত সৃষ্টি হোৱা পৰিস্থিতিয়ে প্ৰমাণ কৰি দিলে যে, একালত ৰাইজে যি অগপক গামোচা পাৰি আদৰণি জনাইছিল, আজি সেই আস্থা আৰু ৰাইজৰ নাই ৷ ৰাজ্যৰ ৰাজনীতিত কাহানিও নোহোৱা-নোপজা এক ঘটনা সংঘটিত হ’ল দেৰগাঁৱত ৷ গুপ্তহত্যাৰ নায়ক বুলি সততে চৰ্চিত হোৱা প্ৰফুল্ল মহন্তয়ো আজিলৈকে হয়তো দেখিবলগীয়া হোৱা নাই এনে দিন ৷ কিন্তু অতুল বৰাৰ দুৰ্ভাগ্য ৷ অগপৰ দখলত থকা সমষ্টিতে ৰাইজে নিষিদ্ধ ঘোষণা কৰিলে অগপৰ সভাপতিগৰাকীক ৷

লগতে পঢ়ক:দলীয় নেতৃত্বৰ দুৰ্বলতা তথা ভুলৰ বাবেই গণ বিচ্ছিন্ন হৈছিল অগপ; কেশৱ মহন্ত

দেৰগাঁৱত একাংশ লোকৰ ক্ষোভৰ বৰ্হিপ্ৰকাশ ঘটিল অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ৷ ইয়াৰ পূৰ্বে জনতাই জনপ্ৰতিনিধিলৈ চোঁচা লোৱা, ওভতাই পঠিওৱা আদি দৃশ্যৰ আপোনলোক নিশ্চয় সাক্ষী হৈছে ৷ কিন্তু দেৰগাঁৱৰ এইসকল লোকৰ প্ৰতিবাদৰ ধৰণ আছিল সুকীয়া ৷ অগপৰ সভাপতিগৰাকীৰ বিৰুদ্ধে লাইখুঁটা পুতি নিষিদ্ধ ঘোষণা কৰিলে অতুল বৰাক ৷ শ শ ৰাইজ হিলদল ভাঙি ওলাই আহিল দেৰগাঁও থানালৈ ৷

এটা আধাৰশিলা আৰু মন্ত্ৰী-জনতাৰ সংঘাত ?

এটা পথৰ আধাৰশিলা স্থাপনক লৈ দেৰগাঁৱৰ দুখুঁটিমুখত স্থানীয় ৰাইজ আৰু মন্ত্ৰী অতুল বৰাৰ মাজত সূত্ৰপাত ঘটিছিল সংঘাতৰ ৷ যোৱা বুধবাৰে অঞ্চলটোত এটা পথৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈছিল মন্ত্ৰী অতুল বৰা ৷ কিন্তু সেই সময়তে ৰাইজৰ অসন্তুষ্টিৰ সন্মুখীন হয় মন্ত্ৰীগৰাকী ৷ ৰাইজৰ অভিযোগ মতে, 2021 ৰ নিৰ্বাচনৰ পূৰ্বে একে অঞ্চলতে আন এটা পথৰ আধাৰাশিলা স্থাপন কৰিছিল অতুল বৰাই ৷ কিন্তু সেই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ’ল আজিকোপতি ৷ ফলত ৰাইজে মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰে যে, প্ৰথমটো পথেই সম্পূৰ্ণ নোহোৱা অৱস্থাত দ্বিতীয়টো পথ সম্পূৰ্ণ ৰূপে নিৰ্মাণ হোৱাৰ গেৰান্টি মন্ত্ৰীগৰাকীয়ে দিব পাৰিব নে ? তাতেই যেন আত্মসন্মানত আঘাত লাগিল মন্ত্ৰী বৰাৰ ৷

খং উঠিল মন্ত্ৰী অতুল বৰাৰ !
আধাৰশিলা অনুষ্ঠানত এনেদৰে ৰাইজৰ বিক্ষোভৰ সন্মুখীন হোৱাত স্বাভাৱিকতেই ক্ৰোধিত হৈ পৰে মন্ত্ৰী অতুল বৰা ৷ মন্ত্ৰীগৰাকীৰ নিৰ্দেশ মৰ্মে দেৰগাঁও থানাত 8 জন লোকৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এজাহাৰ ৷ চৰকাৰী কাম-কাজত বাধা প্ৰদাৰ অভিযোগেৰে তৰা হ’ল গোচৰ ৷ তাৰ পাচতেই ৰাইজ অধিক ক্ষুব্ধ হৈ পৰে ৷

মন্ত্ৰী অতুল বৰাক নিষিদ্ধ ঘোষণা :
দুখুঁটিমুখৰ ৰাইজে আঠগৰাকী লোকৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় প্ৰশাসনক ৷ উমি উমি জ্বলি থকা ক্ষোভৰ জুইকুৰা সোমবাৰে যেন পৰিণত হ’ল আগ্নেয়গিৰিত ৷ দুখুঁটিমুখৰ পৰা ট্ৰেক্টৰ, মেজিক, বাইক আদি বিভিন্ন বাহনেৰে শ শ লোক ওলাই আহিল দেৰগাঁও থানাৰ দিশে ৷ যাত্ৰা পথতে ৰঙাগড়াৰ গেলাবিল দলঙৰ ওপৰত এডাল বাঁহত গামোচা বান্ধি লাইখুঁটা স্থাপনেৰে ৰাইজে নিষিদ্ধ ঘোষণা কৰিলে অগপৰ সভাপতি অতুল বৰাক ৷ লগতে আঠজন লোকৰ বিৰুদ্ধে দাখিল কৰা গোচৰ বিনাচৰ্তে প্ৰত্যাহাৰ কৰিবলৈও দাবী জনাই উত্তেজিত ৰাইজে ৷ অন্যথা পুনৰ দ্বিতীয় এটা লাইখুঁটা স্থাপনেৰে তোৰণ সাজি ৰাইজে গাঁওখনত অতুল বৰাৰ প্ৰবেশ নিষিদ্ধ কৰিব বুলি ঘোষণা কৰে ৷

লগতে পঢ়ক:যিকোনো নিৰ্বাচনৰ বাবে অসম গণ পৰিষদ দল সাজু: অতুল বৰাৰ দৃঢ়তা

ABOUT THE AUTHOR

...view details