টীয়ক,20 ছেপ্তেম্বৰঃ টীয়কৰ জগদুৱাৰ সোণাৰীগাঁৱৰ জগদুৱাৰ নদীত মাছ ধৰিবলৈ গৈ দেওবাৰে দুপৰীয়া এজন যুৱকৰ সলিল সমাধি ঘটে। জানিব পৰা মতে, জাঁজী বৃন্দাবন চাৰিআলিৰ ৰাজ গগৈ নামৰ ২৭ বছৰীয়া যুৱকজনে সমনীয়া কেইজনমানৰ লগত মাছ ধৰিবলৈ নদীলৈ গৈছিল আৰু দুৰ্ঘটনা ক্ৰমে পানীত পৰি যায়।
টীয়কত মাছ ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি
স্থানীয় একাংশ ৰাইজে ততাতৈয়াকৈ নাও লৈ পানীত যুৱকজনক সন্ধানত নামি পৰাৰ লগতে টীয়ক আৰক্ষীক খবৰ দিয়ে ৷
টীয়কত মাছ ধৰিবলৈ গৈ যুৱকৰ সলিল সমাধি
ইপিনে ঘটনাটো সংঘটিত হোৱাৰ লগে-লগে স্থানীয় একাংশ ৰাইজে ততাতৈয়াকৈ নাও লৈ পানীত যুৱকজনক সন্ধানত নামি পৰাৰ লগতে টীয়ক আৰক্ষীক খবৰ দিয়ে । অৱশ্যে আৰক্ষী উপস্থিতত হোৱাৰ পূৰ্বে স্থানীয় ৰাইজে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ।
লগতে পঢ়কঃচিৰাঙৰ কদমতলিত কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদক আদৰণি