অসম

assam

By

Published : Sep 11, 2022, 7:49 PM IST

ETV Bharat / state

শিল্পী কৈলাশ তালুকদাৰক নাগাৰা নাম শিৰোমণি উপাধি প্ৰদান

শ্ৰী শ্ৰী আউনীআটী সত্ৰই বিশিষ্ট নাগাৰা নাম শিল্পী কৈলাশ তালুকদাৰক(Artist Kailash Talukdar)প্ৰদান কৰিলে 'নাগাৰা নাম শিৰোমণি' উপাধি । সত্ৰৰ নামঘৰত নাম পলিচালনা সমিতিৰ সভাপতি দুলাল বৰুৱাৰ সভাপতিত্বত আয়োজিত এক অনুষ্ঠানত লোক শিল্পীগৰাকীক এই উপাধি আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় ।

Artist Kailash Talukdar
শিল্পী কৈলাশ তালুকদাৰক নাগাৰা নাম শিৰোমণি উপাধি

টীয়ক, ১১ ছেপ্টেম্বৰ:টীয়কৰ কলিয়পানীস্থিত আউনীআটী সত্ৰৰ(Auniaati Satra at Kaliapani)শাখা সত্ৰত দেওবাৰে আউনীআটি সত্ৰৰ পৃষ্ঠপোষকতাত অসমৰ অন্যতম জনপ্ৰিয় নাগাৰা নামৰ শিল্পী কৈলাশ তালুকদাৰক 'নাগাৰা নাম শিৰোমণি'('Nagara Naam Shiromani' title to artist Kailash Talukdar) উপাধি প্ৰদান কৰা হয় । এই উপলক্ষে সত্ৰৰ নামঘৰত নাম পলিচালনা সমিতিৰ সভাপতি দুলাল বৰুৱাৰ সভাপতিত্বত আয়োজিত এক অনুষ্ঠানত লোক শিল্পীগৰাকীক এই উপাধি আনুষ্ঠানিকভাৱে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত সত্ৰাধিকাৰ ড৹ পিতাম্বৰ দেৱ গোস্বামীয়ে (Satradhikar Dr Pitambar Devgoswami) প্ৰদান কৰে ।

শিল্পী কৈলাশ তালুকদাৰক নাগাৰা নাম শিৰোমণি উপাধি

এই উপাধিৰ সৈতে শিল্পীগৰাকীক প্ৰদান কৰা হয় এটি স্বৰ্ণ পদক, মানপত্ৰ, চেলেং, গামোচা আৰু এটি স্মাৰক । সম্পাদক গজেন ভূঞাই আঁতধৰা এই অনুষ্ঠানত ব্যৱসায়ী প্ৰসন্ন দত্ত, অসম নাট্য সন্মিলনৰ সভাপতি মানিক গোস্বামীকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে । উল্লেখ্য় যে বঁটা প্ৰাপক কৈলাশ তালুকদাৰে সত্ৰৰ নামঘৰত নাগাৰা নাম পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ।

লগতে পঢ়ক:নাৰায়ণপুৰত মাহ-প্ৰসাদ খাই অসুস্থ কেইবাগৰাকীও লোক

ABOUT THE AUTHOR

...view details