টীয়ক,১২ ডিচেম্বৰ:সীমাহীন কষ্টৰ অন্তত কৃষক ৰাইজে ধান চপাই নিয়াৰ পাচত স্বাভাৱিকতে আনন্দিত হৈ পৰে কৃষক সমাজ ৷ জেঠমহীয়া প্ৰখৰ ৰ'দৰ পৰা ভৰ বাৰিষাৰ বৰষুণলৈকে সকলো আওকাণ কৰি মাথো ব্যস্ত থাকে সপোনৰ পথাৰখনত ৷ আঘোণ মাহ অহাৰ লগে লগে যেন হাঁহি বিৰিঙি উঠে কৃষকৰ মুখত ৷ শাওণৰ সপোন সোণগুটি হৈ ভড়ালত সোমোৱাৰ লগে লগেই উলাহে নধৰা হৈছে কৃষিজীৱি অসমীয়াৰ হিয়া । অসমত লাহে লাহে আৰম্ভ হৈছে ভোগৰ বতৰ ।
অসমীয়া সমাজ জীৱনৰ এক পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ ন খোৱা ৷ নতুন চাউলেৰে সমূহীয়াকৈ ভোজ-ভাত খাই অসমীয়া চহা ৰাইজে পালন কৰি আহিছে এই কৃষিভিত্তিক উৎসৱ (Cultivation base festival Na Khowa) ৷ যি উৎসৱক কৃষিকাৰ্যৰ সফলতাৰ প্ৰতীক হিচাপেও গণ্য কৰা হয় ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ন খোৱা উৎসৱ । ন ফচলৰে সকলোৱে লগে ভাগে এসাঁজ খাইছে প্ৰাপ্তিৰ হাঁহি মুখত পিন্ধি ।
আঘোণ মাহৰ সোণগুটি চপোৱাৰ বতৰত টীয়কৰ এখন গাঁৱৰ ৰাইজে লৈছে এক বিশেষ উদ্যোগ । লখিমী আদৰাৰ পাছত সকলোৱে একেলগে ন চাউলেৰে এসাঁজ খোৱাৰ উদ্দ্যেশ্যে একত্ৰিত হৈছে গাওঁবাসী । অসমীয়া সমাজত চহা কৃষিজীৱি ৰাইজে সোণগুটি চপাই এসাঁজ লগে ভাগে খোৱাৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ প্ৰয়াসেৰে দেওবাৰে গুৱাল গাঁৱৰ ঐতিহাসিক গুৱাল পথাৰত ৰাইজে আয়োজন কৰিছে এই ন-খোৱা উৎসৱ (Na Khowa festival celebrates at Teok) ।