অসম

assam

By

Published : Aug 9, 2021, 7:38 PM IST

ETV Bharat / state

নীৰৱ সাধনাৰে চুৰি বিদ্যাৰ অনুশীলন কৰা গভাইত চোৰৰ বিলৈ

চুৰি বিদ্যা এক নীৰৱ সাধনা, যেতিয়ালৈকে এই সাধনা নীৰৱে চলি থাকে চোৰে তাৰ গুণ লাভ কৰে আৰু সাধনা আনৰ চকুত পৰিলেই ঔ-কিল ৷ শেহতীয়াকৈ যোৰহাটৰ এনে এগৰাকী চোৰৰ লগত কি হ’ল জানো আহক ৷

motor-cycle-thief-caught-red-handed-by-public
নীৰৱ সাধনাৰ বলত চুৰিবিদ্যাৰ অনুশীলন কৰা গভাইট চোৰৰ বিলৈ

যোৰহাট, 9 আগষ্ট : চুৰ কৰা উত্তম বিদ্যা ধৰা, পৰিলে শিলৰ খুন্দা; এই কথাষাৰ প্ৰযোজ্য হ’ল চুৰি বিদ্যাত দীৰ্ঘদিনীয়া সাধনাৰ বলত পাণ্ডিত্য অৰ্জন কৰা বিকি দাসৰ ক্ষেত্ৰত ৷ চুৰি কাৰ্যৰ ক্ষেত্ৰখনত নিজস্ব প্ৰতিভাৰে নীৰৱ সাধনা আগবঢ়াই গৈছিল গভাইত চোৰ বিকি দাসে ৷ বিশেষকৈ সঘনাই মটৰ চাইকেল চুৰি কৰি নিজ প্ৰতিভাৰ প্ৰমাণ হিচাপে আৰক্ষীৰ নিদ্ৰা-হৰণ কৰি আহিছে চোৰটোৱে ৷

পিছে সময়ে সময়ে ভাগ্যৰ ওচৰত বহু ওস্তাদে শিৰ নত কৰিব লগীয়া হয় ৷ একেই কথা পুনৰ প্ৰমানিত হ’ল গভাইত চোৰ বিকি দাসৰ ক্ষেত্ৰতো ৷ সোমবাৰে বিয়লি যোৰাট নগৰৰ মাজ মজিয়াৰ টি আৰ পি ৰোড(TRP Road)ৰ পৰা এখন মটৰ চাইকেল চুৰি কৰিবলৈ লওতেই চোৰটোক হাতে লোতে ধৰিলে ৰাইজে ।

নীৰৱ সাধনাৰে চুৰি বিদ্যাৰ অনুশীলন কৰা গভাইত চোৰৰ বিলৈ

ঘটনাস্থলীত আৰক্ষী উপস্থিত নোহোৱালৈকে ৰাইজে উত্তম-মাধ্যম পৰিশোধ কৰি ৰচীৰে বান্ধি থ’লে চোৰ বিকিক ৷

উল্লেখযোগ্য যে, যোৰহাট নগৰৰ বিভিন্ন স্থানৰ পৰা নিমিষতে চুৰি হৈ আহিছিল বিভিন্ন প্ৰকাৰৰ মটৰ চাইকেল । আৰক্ষীৰ তহলৰ মাজতে সঘনাই এইদৰে মটৰ চাইকেল চুৰি(motor cycle thief) হোৱাৰ ঘটনাই ত্ৰাসৰ সৃষ্টি কৰিছিল নগৰখনৰ দুচকীয়া বাহনৰ গৰাকী সকলৰ মাজত ।

অৱশেষত দীৰ্ঘদিন ধৰি ত্ৰাসৰ সৃষ্টি কৰা এনে এটা চোৰ যোৰহাট বৰিগাঁৱৰ বিকি দাসক খোদ ৰাইজে আটক কৰিবলৈ সক্ষম হয় ৷ যোৰহাট আৰক্ষীয়ে চোৰটোক আৰক্ষী থানালৈ ইতিমধ্যে লৈ যোৱা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :অনন্তনাগত পত্নীসহ পঞ্চায়তৰ সভাপতিক গুলীয়াই হত্যা

ABOUT THE AUTHOR

...view details