অসম

assam

ETV Bharat / state

হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি শাস্তি বিহিবলৈ দাবী ৰূপজ্যোতি কুৰ্মীৰ

টীয়কত সংঘটিত ঘৃণনীয় হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ৷ টীয়ক কাণ্ডৰ পঞ্চম দিনৰ পাছত মৰিয়নীৰ চাহ জনগোষ্ঠীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

By

Published : Sep 5, 2019, 12:38 AM IST

টীয়ক, 4 চেপ্তেম্বৰঃ "কেইটামান নৰপিশাচৰ দুষ্কাৰ্য্যৰ বাবে গোটেই জাতিটোক গালি গালাজ নকৰিব । হাত যোৰ কৰি আহ্বান জনাইছোঁ ৰাইজক । হত্যাকাৰী হত্যাকাৰীয়েই। ইহঁতৰ কোনো জাতি ধৰ্ম জনগোষ্ঠী নাই । হত্যাকাৰীক কোনেও সমৰ্থন নকৰিব । দোষীক উপযুক্ত শাস্তি দিয়ক । কিন্তু সমগ্ৰ চাহ জনগোষ্ঠীটোৰ প্ৰতি আপোনালোকে মনত ক্ষোভ লৈ নাথাকিব" বুধবাৰে মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এক সংবাদমেল সম্বোধন কৰি এইদৰে জনায় । আনহাতে ডাক্তৰ দেবেন দত্তৰ হত্যাকাণ্ডত জড়িত প্ৰতিটো হত্যাকাৰীকে অতিশীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰৰো কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় বিধায়কগৰাকীয়ে । বিধায়কগৰাকীয়ে হত্যাকাণ্ডৰ তদন্তৰ ভাৰ চি বি আইক অৰ্পণ কৰিবলৈ চৰকাৰক দাবী জনোৱাৰ লগতে চাহ জনগোষ্ঠীৰ সকলো দল সংগঠনক এই ঘটনাৰ প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় ।

ডাঃ দেবেন দত্তৰ হত্যাকাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

ABOUT THE AUTHOR

...view details