অসম

assam

ETV Bharat / state

বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণী মিনি ষ্টেডিয়াম - অসম চৰকাৰ

এইবাৰ খেলপথাৰত চলিছে বেদখল ৷ টীয়কৰ ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়াম আৰু খেলপথাৰৰ মুঠ ২৫ বিঘা মাটিৰ ১৩ বিঘাই একাংশ লোকে বেদখল কৰি চাহ বাগিচা স্থাপন কৰিছে । এইক্ষেত্ৰত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাক তেওঁৰ স্বামীৰ নামত থকা খেলপথাৰখন বেদখলৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণি মিনি ষ্টেডিয়াম
বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণি মিনি ষ্টেডিয়াম

By

Published : Oct 5, 2021, 3:30 PM IST

টীয়ক, 5 অক্টোবৰ :টীয়কৰ জগদুৱাৰত ১৯৯৮ চনতে স্থাপন কৰা সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱা সোঁৱৰণি মিনি ষ্টেডিয়ামটো আজি পৰ্যন্ত খৈলুৱৈৰ বাবে উপযোগী হৈ নুঠিল । ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ বাবে আজি সম্পূৰ্ণ হৈ নুঠা খেলপথাৰ খনৰ অধিকাংশ ভূমি বেদখলৰ কবলত পৰাৰ অভিযোগ উত্থাপন হৈছে ।

বেদখলৰ কবলত টীয়কৰ একমাত্ৰ ললিত ৰাজখোৱা সোৱঁৰণি মিনি ষ্টেডিয়াম

অভিযোগ অনুসৰি খেল পথাৰ খনৰ বাবে আৱন্টিত মুঠ ২৫ বিঘা মাটিৰ ১৩ বিঘাই একাংশ লোকে বেদখল কৰি চাহ বাগিচা স্থাপন কৰিছে । উল্লেখযোগ্য যে, গ্ৰাম্যাঞ্চলত ক্ৰীড়াৰ পৰিবেশ গঢ়ি তোলাৰ উদ্দেশ্যে বিভিন্ন সময়ত ক্ৰীড়াপ্ৰেমী ৰাইজ তথা বিভিন্ন দল সংগঠনে এই ষ্টেডিয়ামখনক পূৰ্ণাংগ ৰূপ দিবলৈ দ্বায়িত্বত থকা চৰকাৰসমূহক দাবী জনাই আহিছিল ৷

জানিবপৰা মতে, শেহতীয়াকৈ অসম চৰকাৰে গ্ৰহণ কৰা বাৰ কোটি টকাৰ এক অভিলাসী ক্ৰীড়া প্ৰকল্পৰ বাবে উক্ত খেলপথাৰখন নিৰ্বাচন কৰিছে যদিও খেলপথাৰৰ ভূমি বেদখল হৈ থকাত এই ক্ষেত্ৰত অন্তৰায়ৰ সৃষ্টি হৈছে লগতে উক্ত প্ৰকল্পটো ভূমিৰ অভাৱত নিৰ্মাণ নোহোৱাৰ দিশে গতি কৰিছে ।

সেয়ে শীঘ্ৰে এই বেদখল উচ্ছেদ কৰি খেলপথাৰৰ ভূমি মুকলি কৰাৰ আহ্বান জনাইছে বিভিন্ন দল,সংগঠনে । এইক্ষেত্ৰত স্থানীয় বিধায়িকা ৰেণুপমা ৰাজখোৱাক তেওঁৰ স্বামীৰ নামত থকা খেলপথাৰখন বেদখলৰ ক্ষেত্ৰত বলিষ্ঠ ভূমিকা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

তাৰ সমান্তৰালভাৱে যিকোনো কাৰণতে এইবাৰ খেলপথাৰখনক পূৰ্ণাংগ ৰূপ দি গ্ৰাম্যাঞ্চলৰ উদিয়মান ক্ৰীড়া প্ৰতিভা সমূহক আত্মপ্ৰকাশৰ অৰ্থে সকলো ৰাইজ তথা ৰাজনৈতিক অৰাজনৈতিক শক্তিক একলগ হৈ থিয় দিবলৈ আহ্বান জনাইছে সচেতন মহলে ।

লগতে পঢ়কঃ হ্ৰাস পালে সোণৰ মূল্য : আজিৰ দিনটোত প্ৰতি 10 গ্ৰাম সোণৰ মূল্য হ’ল ৪৬,৭৯৭ টকা

ABOUT THE AUTHOR

...view details