অসম

assam

By

Published : Dec 3, 2019, 7:00 PM IST

Updated : Dec 3, 2019, 8:26 PM IST

ETV Bharat / state

যোৰহাটত গৰীৱৰ বন্ধু বিৰাজ হাজৰিকা

সময়ে সময়ে জনকল্যাণমূলক কামৰে খবৰৰ শিৰোনামা দখল কৰা বিৰাজ হাজৰিকা পুনৰ চৰ্চালৈ আহিছে ৷ হাজৰিকাক দেখা গ’ল পশ্চিম যোৰহাটৰ পানীচঁকুৱা বালিপুখুৰীত ৷ উদ্দেশ্য হৈছে উক্ত গাঁৱৰ এগৰাকী অসহায় মহিলাৰ বাবে এটা পকীগৃহ নিৰ্মাণ কৰি দিয়া ৷

প্ৰথমবাৰৰ বাবে নিজৰ উপাৰ্জনৰ অংশৰে গৃহ নিৰ্মাণত সহায় কৰিছে গৰীবৰ বন্ধু খ্যাত বিৰাজ হাজৰিকাই
যোৰহাটত উপস্থিত গৰীবৰ বন্ধু বিৰাজ হাজৰিকা

যোৰহাট, 3 ডিচেম্বৰ: সময়ে সময়ে জনকল্যাণমূলক কামৰ জৰিয়তে খবৰৰ শিৰোনামা দখল কৰা বিৰাজ হাজৰিকা পুনৰ চৰ্চালৈ আহিছে ৷ গৰীৱৰ বন্ধু খ্যাত বিৰাজ হাজৰিকা পেচাত এজন কেন্দ্ৰীয় উদ্যোগিক সুৰক্ষা বাহিনীৰ কৰ্মচাৰী ৷ এইবাৰ হাজৰিকাক দেখা গ’ল পশ্চিম যোৰহাটৰ পানীচঁকুৱা বালিপুখুৰীত ৷ হাজৰিকাৰ উদ্দেশ্য হৈছে উক্ত গাঁৱৰ এগৰাকী অসহায় মহিলাৰ বাবে এটা পকীগৃহ নিৰ্মাণ কৰি দিয়া ৷

প্ৰাপ্ত খবৰ অনুসৰি, বালিপুখুৰী গাঁৱত সুদীৰ্ঘ ২২ বছৰে এক পৰিত্যক্ত ঘৰত বাস কৰি আহিছিল বিশেষভাৱে সক্ষম কন্যাৰ সৈতে এগৰাকী মহিলা ৷ অৱহেলিত জীৱন কটোৱা মিনা বৰা নামৰ মহিলাগৰাকীক ঢুকি পোৱা নাছিল কোনো চৰকাৰী আঁচনিয়ে ৷ খবৰ পোৱা মাত্ৰকে মহিলা গৰাকীৰ কাষত উপস্থিত হয় বিৰাজ হাজৰিকাই ৷ কৰ্মব্যস্ততাৰ মাজতে হাজৰিকাই যোৰহাটত উপস্থিত হৈ আৰম্ভ কৰে অসহায় মহিলা গৰাকীৰ বাবে নতুন গৃহৰ কাম । হাজৰিকাৰ এই কামত সংগ দিছে পত্নী ৰিমি হাজৰিকাই ৷ সেই উদ্দেশ্যে মঙলবাৰে অনুষ্ঠিত কৰে নিৰ্মাণ হ’বলগীয়া গৃহৰ মাঙ্গলিক কৰ্ম ৷ হাজৰিকাৰ মহানুভৱতাৰ বাবে গৃহ নিৰ্মাণস্থলীত হুকহুকাই কান্দি উঠে মিনা বৰাই । সম্প্ৰতি বিৰাজ হাজৰিকা আৰু পত্নী ৰিমি হাজৰিকাই তিনিখন জিলাত আৰ্তজনৰ বাবে ৰুটি আৰু কাপোৰ বেংক গঠন কৰিছে । ইফালে দম্পতিহালে ৰাজ্যৰ প্ৰত্যেক জিলাতে উক্ত বেংকৰ শাখা খোলাৰ লক্ষ্য বান্ধি লৈছে । স্মৰ্তব্য যে, প্ৰথমবাৰৰ বাবে নিজৰ উপাৰ্জনৰ অংশৰে গৃহ নিৰ্মাণত সহায় কৰিছে গৰীৱৰ বন্ধুখ্যাত বিৰাজ হাজৰিকাই ৷

যোৰহাটত উপস্থিত গৰীবৰ বন্ধু বিৰাজ হাজৰিকা

লগতে চাওক:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ জুবিন গাৰ্গ

Last Updated : Dec 3, 2019, 8:26 PM IST

ABOUT THE AUTHOR

...view details