অসম

assam

By

Published : Nov 29, 2019, 5:48 PM IST

ETV Bharat / state

বানপানীৰ বাবে ৰাইজৰ ওচৰত হাত পতা চৰকাৰে ফিল্ম ফেয়াৰৰ বাবে ক'ত টকা পালে ?

সংবাদমেলত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰাৰ লগতে বহু বিস্ফোৰক তথ্য উত্থাপন কৰিলে যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে ৷ বিজেপি চৰকাৰৰ দিনত 566 টা গড় নিহত হোৱাৰ প্ৰসংগও উত্থাপন কৰে কংগ্ৰেছ নেতাজনে ৷

JORHAT RANA GOSWAMI PRESS MEET
সংবাদমেলযোগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা ৰাণা গোস্বামীৰ

যোৰহাট, 29 নৱেম্বৰঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে শুকুৰবাৰে এক সংবাদমেলযোগে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷ নিৰ্বাচনৰ পূৰ্বে উন্নয়ণৰ ঢাক-ঢোল বজোৱা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ফিল্ম ফেয়াৰৰ অনুষ্ঠানৰ নামত খৰচ কৰিবলৈ ওলোৱা ৩০ কোটি টকা কিয় নগাঁও আৰু কাছাৰৰ কাগজ কল দুটা উদ্ধাৰৰ বাবে ব্যৱহাৰ নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন বিধায়কজনে ৷

সংবাদমেলযোগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা ৰাণা গোস্বামীৰ

কাজিৰঙাৰ গড় হত্যা সন্দৰ্ভত এক ভয়ংকৰ তথ্য উত্থাপন কৰে কংগ্ৰেছ নেতাজনে ৷ ৰঞ্জন মেধি নামৰ ব্যক্তি এজনৰ RTIৰ তথ্য অনুসৰি বৰ্তমান চৰকাৰৰ দিনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৫৬৬ টা গড় হত্যা কৰা হৈছে ৷ কিন্তু চৰকাৰে গোপনে ৰাখিছে এই তথ্য ৷ এই তথ্য বিধানসভাত উত্থাপন কৰিব লাগে আৰু গড় হত্যা সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজৰ আগত শ্বেত-পত্ৰ দাখিল কৰিব লাগে বুলি দাবী উত্থাপন কৰাৰ লগতে এই সন্দৰ্ভত CBI ৰ তদন্তৰ দাবী উত্থাপন কৰে ৰাণা গোস্বামীয়ে ৷ নেতাজনে লগতে ৰাজ্যৰ পৰ্যটন বিভাগে প্ৰিয়ংকা চোপ্ৰাৰ নামত ২ কোটি ৩৭ লাখ টকা খৰছ কৰাৰ ফলাফল কি হ'ল বুলিও প্ৰশ্ন কৰে পৰ্যটন বিভাগক ৷

সংবাদমেলযোগে ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা ৰাণা গোস্বামীৰ

লগতে পঢ়কঃ হায়দৰাবাদত ধৰ্ষণ কৰি জ্বলাই দিয়া হ'ল মহিলা পশু চিকিৎসককঃ আৰক্ষীৰ জালত চাৰি হত্যাকাৰী

ABOUT THE AUTHOR

...view details