অসম

assam

ETV Bharat / state

হাতত গিটাৰ লৈ এজন দৃষ্টিহীন লোকৰ জীৱন সংগ্ৰাম

যোৰহাটত এজন অসহায় ব্যক্তিৰ জীৱন সংগ্ৰাম ৷ হাতত গিটাৰ লৈ দৃষ্টিহীন লোকজনে দৈনিক উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ৰাইজৰ পৰা সহায় বিচাৰিছে ৷

Jorhat Poor man Tragic Story
হাতত গিটাৰ লৈ এজন দৃষ্টিহীন লোকৰ জীৱন সংগ্ৰাম

By

Published : Sep 1, 2020, 11:22 PM IST

যোৰহাট, 1 ছেপ্তেম্বৰ :যোৰহাট চহৰৰ পদপথত হাতত এখন গিটাৰ লৈ এজন অসহায় ব্যক্তিৰ জীৱন যুজ ৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দৈনিক মাতৃৰ সৈতে ব্যক্তি গৰাকীয়ে চলাই গৈছে জীৱন সংগ্ৰাম ৷ জন্মগতভাবে দৃষ্টিহীন কিন্তু জীৱন যুঁজত হাৰ নমনা পংকজ দত্ত নামৰ লোকজনে মাতৃৰ সৈতে হাতত ভিক্ষাৰ পাত্ৰ লৈ নামিছে জীৱন সংগ্ৰামত ৷

যোৰহাটৰ পানীচকুৱাৰ নিবাসী পংকজ দত্তই একমাত্ৰ এই বৃত্তিৰ জৰিয়তে চলাই গৈছে পৰিয়ালৰ ভোৰণ-পোষণৰ দায়িত্ব ৷ কোনোবাই যদি দুটকা দিছে কোনোবাই আকৌ নিদিয়াকৈ পাৰ হৈছে উক্ত অঞ্চলৰ পৰা কিন্তু কাৰো প্ৰতিয়ে যেন আক্ষেপ নাই লোকজনৰ ৷ কেৱল গীতৰ মাজেৰে পাৰ হৈ যোৱা লোকক সহায় বিচাৰিছে লোকজনে ৷

হাতত গিটাৰ লৈ এজন দৃষ্টিহীন লোকৰ জীৱন সংগ্ৰাম

আনকি, লক ডাউনৰ সময়ত লোকজনে চৰকাৰীভাবে পোৱা চাউল বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া বুলিও জানিব পৰা গৈছে ৷ যাৰবাবে শেষত উপায়বিহীন হৈ লোকজনে হৃদয়বান লোক তথা চৰকাৰৰ সহায় বিচাৰিছে ৷

লগতে পঢ়ক : কাজিনেমু আৰু কোমল চাউললৈ জি আই টেগ ...

For All Latest Updates

ABOUT THE AUTHOR

...view details