যোৰহাট, 14 অক্টোবৰঃ ৰাজ্যৰ চৌপাশে বাপতিসাহোন ভোগালীৰ উৎসাহ ৷ পৰম্পৰা ৰক্ষা কৰি উৰুকাৰ নিশা ভেলাঘৰৰ কাষত হেঁপাহেৰে এসাজ খাইছে সকলোৱে একেলগে ৷ কিন্তু যোৰহাটৰ এখন গাঁৱৰ ৰাইজৰ মাজত নাই ভোগালীৰ ভোগ ৷ ভেলাঘৰৰ কাষত ভোজ ভাতৰ পৰিৱৰ্তে উৰুকাৰ নিশা গঞা ৰাইজে গ্ৰহণ কৰিছে অনশন ৷ কাৰণ এটাই, নাগৰিকত্ব সংশোধনী আইন ৷
যোৰহাটৰ উত্তৰ পশ্চিম প্ৰান্তত থকা কৃষিপ্ৰধান কুহুমযোগমীয়া গাঁৱৰ ৰাইজে এনেদৰে একত্ৰিতভাৱে চৰকাৰ বিৰোধী শ্লগানেৰে কঁপাই তুলিলে উৰুকাৰ নিশা ৷ জুইৰ উত্তাপত জ্বলিল নাগৰিকত্ব সংশোধনী আইন ৷ সমগ্ৰ গাঁওখনৰ পুৰুষ-মহিলা, যুৱক-যুৱতীৰ পৰা বৃদ্ধা বণিতালৈকে সকলোৱে অংশগ্ৰহণ কৰিছে অনশনত ৷ উৰুকাৰ নিশাৰ পৰা বিহুৰ দিনা দিনৰ 12 বজালৈকে অনশন চলাই যাব ৰাইজে ৷ লগতে ভেলাঘৰৰ প্ৰাংগনৰ পৰাই কৃষক নেতা অখিল গগৈক মাওবাদীৰ গোচৰত গ্ৰেপ্তাৰ কৰা কাৰ্যক ধিক্কাৰ দি অতিশীঘ্ৰে মুক্তিৰো দাবী তুলিলে যুৱকসকলে ৷