অসম

assam

By

Published : Nov 18, 2019, 7:52 PM IST

ETV Bharat / state

কয়লা কঢ়িয়াই অনা বাহনৰ পৰা 'প্ৰটেকচন মানি' লয় বিজেপি নেতাই !

যোৰহাটৰ কংগ্ৰেছ ভৱনত সোমবাৰে যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সংবাদ মেল ৷

আধাৰশিলাৰ মালা পিন্ধোৱাৰ ৰাজনীতি কৰিছে বিধায়ক হিতেন গোস্বামীয়ে : ৰাণা গোস্বামী

যোৰহাট,18 নৱেম্বৰ: যোৰহাটৰ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ সংবাদ মেল ৷ সোমবাৰে যোৰহাটৰ কংগ্ৰেছ ভৱন অনুষ্ঠিত হোৱা সংবাদমেলত বহুকেইটা বিস্ফোৰক মন্তব্য কৰে প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে৷ কয়লা চিণ্ডিকেটৰ লগত বিজেপি নেতা জড়িত থকাৰ লগতে প্ৰতিখন কয়লা কঢ়িয়াই অনা বাহনৰ পৰা 'প্ৰটেকচন মানি' লোৱাৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন বিধায়কগৰাকীয়ে ৷ লগতে পাৰ্কিং চিণ্ডিকেটৰ লগত পল্লব, ভাস্কৰ আৰু গণতন্ত্ৰ নামৰ এই তিনিজন বিজেপিৰ যুৱ নেতা জড়িত থকাৰো অভিযোগ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৷ এই সন্দৰ্ভত তেল ডিপোত ৰখাই থোৱা ট্ৰাকৰ পৰা পাৰ্কিং টেক্স সংগ্ৰহ কৰে বুলি উল্লেখ কৰে ৰাণা গোস্বামীয়ে ৷ ইয়াৰোপৰি যোৰহাট চহৰত বৰ্ধিত ড্ৰাগছৰ সন্দৰ্ভত প্ৰাক্তন বিধায়কগৰাকীৰ অভিযোগ যে, ড্ৰাগছৰ ব্যৱসায়ীৰ সৈতে মিতিৰালি আছে যোৰহাটৰ একাংশ আৰক্ষীৰ ৷

আধাৰশিলাৰ ৰাজনীতিতে ব্যস্ত হিতেন গোস্বামী: ৰাণা গোস্বামী

ইফালে যোৰহাটৰ বিজেপি বিধায়ক হিতেন গোস্বামীক সমালোচনা কৰি কয় যে, আধাৰশিলাৰ ৰাজনীতিতে ব্যস্ত হিতেন গোস্বামী ৷ পঞ্চায়তলৈ অহা ধনেৰে আধাৰশিলা স্থাপন কৰে বিধায়ক হিতেন গোস্বামীয়ে ৷ আনহাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ক্ষুৰধাৰ সমালোচনা ৰাণা গোস্বামীৰ৷ এই সন্দৰ্ভত তেখেতে কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে স্বাস্থ্য খণ্ডত কোনো নতুন দিগন্তৰ সূচনা হোৱা নাই ৷ ২০ দিনত প্ৰায় ৪৫ টা নৱজাতকৰ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱাৰ ঘটনাই এই কথা প্ৰমাণ কৰে বুলি কয় ৰাণা গোস্বামীয়ে ।

লগতে পঢ়ক:মাস্ক পৰিধান কৰি প্ৰতিবাদত বহিল গৌৰৱ গগৈ

ABOUT THE AUTHOR

...view details