অসম

assam

ETV Bharat / state

Awareness on Gender Equality: কাকজান মহাবিদ্যালয়ত লিংগ সমতা শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠান

আজি কাকজান মহাবিদ্যালয়ত অনুষ্ঠিত হয় লিংগ সমতা শীৰ্ষক এখনি ব্যতিক্ৰমী অনুষ্ঠান ৷ এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে নতুন সামাজিক চিন্তনৰ অসমৰ এগৰাকী জনপ্ৰিয় বক্তা ঋতুপৰ্ণা উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ৰ ওপৰত সাৱলীল মন্তব্য আগবঢ়ায় (Awareness on Gender Equality)।

By

Published : Feb 17, 2023, 9:25 PM IST

Gender Equality awareness program held at Kakojan College
লিংগ সমতা শীৰ্ষক অনুষ্ঠান

লিংগ সমতা শীৰ্ষক অনুষ্ঠান

টীয়ক, 17 ফেব্ৰুৱাৰী:কাকজান মহাবিদ্যালয়ৰ এক ব্যতিক্ৰমী পদক্ষেপ (Kakojan College) ৷ কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডী এণ্ড লিটাৰেৰী ফ’ৰামৰ (English Study and Literary Forum) উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় এক ব্যতিক্ৰমী আলোচনা চক্ৰ । আলোচনা চক্ৰটোৰ নাম "Understanding Gender Beyond Binary and Inclusivity" অৰ্থাৎ লিংগ সমতা বিষয় শীৰ্ষক অনুষ্ঠান (Understanding Gender) ৷

এই আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে উপস্থিত থাকে নতুন সামাজিক চিন্তনৰ অসমৰ এগৰাকী জনপ্ৰিয় বক্তা ঋতুপৰ্ণা (Rituparna Neog) ৷ তেওঁ অনুষ্ঠানটিত উপস্থিত থাকি নিৰ্ধাৰিত বিষয়ৰ ওপৰত সাৱলীল মন্তব্য আগবঢ়ায় । ভাষণ প্ৰসংগত জনপ্ৰিয় বক্তাগৰাকীয়ে কয় যে, লিংগ বিষয়ত বৰ্তমানো আমাৰ সমাজখনত যথেষ্ট বৈষম্য আছে যদিও এই ক্ষেত্ৰত পুৰুষ, মহিলা, উভয়লিংগ সকলোৰে সম অধিকাৰ, সম-মৰ্যাদাৰ বাবে সকলোৱে অনুভৱ কৰা উচিত ৷ কিয়নো গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে সকলোৱে সকলো সা-সুবিধা অৰ্থা সম অধিকাৰ পোৱাটো অতি জৰুৰী তথা আৱশ্যক আৰু এয়া সকলোৰে প্ৰাপ্য (Awareness on Gender Equality)।

লগতে পঢ়ক:Beneficiary wise funds released: ৰাজ্যৰ তিনি লক্ষাধিক হিতাধিকাৰীলৈ পিএমএৱাইৰ প্ৰথম কিস্তিৰ ধন মুকলি

তেওঁ লগতে কয় যে, এনেদৰে বিভিন্ন সময়ত মুক্ত মনে এইসমূহ বিষয়ৰ ওপৰত আলোচনা হোৱাটো অতিকৈয়ে প্ৰয়োজনীয় । লগতে এনে ব্যতিক্ৰমী আলোচনাই অনাগত দিনত লিংগৰ সম মৰ্যদা, সম অধিকাৰৰ ক্ষেত্ৰত সহায়ক হ’ব (Understanding Gender and Gender Equality)।

মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপিকা হাস্নাহানা গগৈয়ে আঁত ধৰা সভাত মহাবিদ্যালয়ৰ অধ্যক্ষা ড৹ ৰূপৰেখা বৰদলৈ, ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীকে প্ৰমুখ্যে কৰি মহাবিদ্যালয়ৰ বহুসংখ্যক অধ্যাপক, ছাত্ৰ-ছাত্ৰী বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়ায় (Understanding Gender program)। ইপিনে সভাৰ আৰম্ভণিতে ইংৰাজী বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ধাৰিত বিষয়ত এক সুন্দৰ নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত কৰি সকলোকে আপ্লুত কৰি তোলে (Beyond the Gender Binary) ।

উল্লেখ্য যে, তৃতীয় লিংগ (Third gender) হৈছে এনে এক ধাৰণা য’ত ব্যক্তিক নিজৰ দ্বাৰা বা সমাজৰ দ্বাৰা পুৰুষ বা নাৰী বুলি শ্ৰেণীভুক্ত কৰা নহয় । যিহেতু তৃতীয় লিংগৰ ব্যক্তিগৰাকী পুৰুষ মহিলাতকৈ পৃথক এনে ক্ষেত্ৰত তৃতীয় লিংগক মানুহে কু-দৃষ্টিৰে দেখা পৰিলক্ষিত হয় ৷ সেয়াহে লিংগ বৈষম্য দূৰ কৰাৰ উদ্দেশ্য কাকজান মহাবিদ্যালয়ত আয়োজন কৰা হয় এই আলোচনা চক্ৰ ৷

লগতে পঢ়ক:Arohan scheme in Assam : মেধাৱী শিক্ষাৰ্থীৰ বাবে বৰপেটা জিলাত মুকলি আৰোহণ আঁচনি

ABOUT THE AUTHOR

...view details