টীয়ক,27মে': ৰাজ্যত ক্ৰমাৎ নৈৰ বাঢ়নী পানীয়ে লৈছে ভয়ংকৰ ৰূপ ৷ আৰম্ভ হ'ল নৈ পৰীয়া ৰাইজৰ দুৰ্বিষহ জীৱন ৷ বছৰৰ প্ৰথমটো বানৰ কবলত পৰিল টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ ৷টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ৷ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাওঁৰ চলাচলো ।ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷বহিঃজগতৰে বিছিন্ন হৈ পৰিল জাঁজীমুখৰ জপং,বৰমথাউৰি,শগুনপৰা,তিনিঘৰীয়াকে ধৰি প্ৰায় ১০/১২ খনকৈ গাঁও । প্ৰাপ্ত খবৰ মতে, বৰ্তমানেও বাঢ়ি আছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী ৷ এনেদৰে পানী বাঢ়ি থাকিলে অনাগত দিনত গভীৰ সমস্যাৰ সন্মুখীন হোৱাৰ আশংকা প্ৰকাশ কৰিছে নৈ পৰীয়া ৰাইজে ৷
টীয়কত বানৰ ত্ৰাস : জলমগ্ন জাঁজীমুখ
বছৰৰ প্ৰথমটো বানৰ কবলত পৰিল টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ ৷টীয়কৰ জাঁজীমুখত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে বন্ধ কৰি দিয়া হৈছে জাঁজীমুখ পাৰঘাটৰ নাওঁৰ চলাচলো ।
টীয়কত বানৰ ত্ৰাসঃজলমগ্ন জাঁজীমুখ