যোৰহাট, 18জানুৱাৰী : সমাগত বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পূৰ্বেই সোমবাৰে 2021 বৰ্ষৰ চূড়ান্ত ভোটাৰ তালিকাৰ প্ৰকাশ কৰিলে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই ৷ তিতাবৰ মহকুমা প্ৰশাসনৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত 100 নং তিতাবৰ আৰু 101 নং মৰিয়নী বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিলে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই ৷
তিতাবৰৰ মহকুমাধিপতি খনিন্দ্ৰ কুমাৰ দাস, তিতাবৰ জিলা নিৰ্বাচনী বিষয়া ড৹ মণিকা বৰা আৰু দণ্ডাধীশ মিতালি লাহনে মুকলি কৰা চূড়ান্ত ভোটাৰ তালিকাখনত তিতাবৰ সমষ্টিত 181 টা ভোট কেন্দ্ৰত 1,54,540 গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব ৷ ইয়াৰে 77,179 গৰাকী পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হ'ল 77,361 গৰাকী । উল্লেখ্য যে,তিতাবৰ সমষ্টিত এইবাৰ 3263 গৰাকী ভোটাৰ বৃদ্ধি পাইছে ৷