অসম

assam

প্ৰাপ্য ধন মুকলিৰ দাবীত প্ৰতিবাদত বহিল যোৰহাট উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী

দেহত দুৰাৰোগ্য ৰোগ লৈ প্ৰতিবাদত নামিল কৰ্মচাৰী ৷ বিগত সাত মাহে দৰমহা পোৱা নাই উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীয়ে ৷

By

Published : Sep 11, 2019, 2:10 PM IST

Published : Sep 11, 2019, 2:10 PM IST

প্ৰাপ্য ধন মুকলিৰ দাবীত প্ৰতিবাদত বহিল উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী

যোৰহাট,11ছেপ্টেম্বৰঃৰাজ্যৰ বিভিন্ন চৰকাৰী আৰু চৰকাৰৰ অন্তৰ্গত কাৰ্যালয়ৰ বহু কৰ্মচাৰীয়ে এতিয়া ন্যায্য প্ৰাপ্তিৰ দাবীত নামিবলগীয়া হৈছে প্ৰতিবাদত । একমাত্ৰ নিজৰ প্ৰাপ্ত অধিকাৰৰ বাবেই কৰ্মস্থলী ত্যাগ কৰিবলগীয়া হৈছে একাংশ ৰাজ্যিক কৰ্মচাৰী । যোৰহাটৰ উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰীসকলে বিগত সাত মাহে পোৱা নাই প্ৰাপ্য দৰমহা । আনকি পোৱা নাই সপ্তম আয়োগৰ নিৰ্ধাৰিত দৰমহা । যাৰ ফলত বুধবাৰে উন্নয়ন প্ৰাধিকৰণৰ চৌহদত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হয় প্ৰাপ্যৰ পৰা বঞ্চিত কৰ্মচাৰীসকল ৷ অতিশীঘ্ৰে প্ৰাপ্য ধন মুকলি কৰি দিয়াৰ বাবে চৰকাৰ তথা মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনায় প্ৰতিবাদকাৰীসকলে৷

প্ৰাপ্য ধন মুকলিৰ দাবীত প্ৰতিবাদত বহিল উন্নয়ন প্ৰাধিকৰণৰ কৰ্মচাৰী

উল্লেখ্য যে মুন বুঢ়াগোহাঁই নামৰ এগৰাকী কৰ্মচাৰীয়ে দেহত দুৰাৰোগ্য ৰোগ লৈ একমাত্ৰ ধনৰ অভাৱত উপযুক্ত চিকিৎসা কৰিব পৰা নাই ।

ABOUT THE AUTHOR

...view details