অসম

assam

ETV Bharat / state

যোৰহাটত ই পাছ বাধ্যতামূলক

ই পাছ অবিহনে যাব নোৱাৰিব কোনো জিলালৈ ৷ যোৰহাটত জিলা প্ৰশাসনৰ বিশেষ ব্যৱস্থা ৷

By

Published : Apr 23, 2020, 2:57 PM IST

e-pass-mandatory-to-each-vahical-jorhat
যোৰহাটত ই পাছ বাধ্যতামূলক

যোৰহাট 23 এপ্ৰিলঃ ৰাজ্যখনৰ ভিতৰতে আবদ্ধ হৈ থকা বিভিন্ন জিলাৰ লোকসকলে নিজ নিজ জিলা সমুহলৈ প্ৰত্যাগ্ৰমণ কৰিব বাবে ৰাজ্য চৰকাৰে তিনিটা কৈ দিন ধাৰ্য কৰি দিছে। অহা ইং ২৫,২৬,২৭ এপ্ৰিলত এই সুবিধা লাভ কৰিব। তাৰ বাবে ইতিমধ্যে ই-পাছৰ ব্যৱস্থা কৰিছে যোৰহাট জিলা প্ৰশাসনে সকলোকে অনুৰোধ কৰিছে যে পৰা পক্ষত অনতিপলমে ই পাছ আবেদন কৰক।

যোৰহাটত ই পাছ বাধ্যতামূলক

যিহেতু দৈনিক ৩০০ বাহনৰহে ই পাছ দিয়া হ'ব এখন বাহনৰ বাবে মাত্ৰ এটা দিনৰ হে পাছৰ যোগ্যতা থাকিব। আনহাতে চিকিৎসা জনিত কাৰণ অথবা অধিক দুৰত্ব হলে ই-পাছ কিছু সুবিধা থাকিব । ইয়াৰ উপৰিও যোৰহাটত মাজুলীৰ বহু সংখ্যক লোক আবদ্ধ হৈ পৰিল তেওঁলোকৰ যাৰ নিজৰ বাহন আছে তেওঁলোকে ই-পাছৰ বাবে আবেদন জনাব লাগিব। আনহাতে যি সকলৰ নিজা বাহন নাই তেনে লোকে ১০৪ নম্বৰত ফোন কৰি জিলা প্ৰশাসনক অৱগত কৰিব লাগিব । এই বিষয়ে যোৰহাট জিলাৰ অতিৰিক্ত উপায়ুক্ত বিশ্বজিৎ ফুকনে সংবাদ মাধ্যমৰ আগত অৱগত কৰে ৷

লগতে পঢক ঃ জীৱন সংগ্ৰামত ভাগৰি নপৰা দুগৰাকী বৃদ্ধা ভগ্নী

ABOUT THE AUTHOR

...view details