অসম

assam

By

Published : Aug 14, 2020, 10:00 PM IST

ETV Bharat / state

যোৰহাটৰ ৰেল আলিত যুৱকৰ মৃতদেহ উদ্ধাৰ

মৃত যুৱক জনৰ নাম বিশ্বজিৎ দাস বুলি চিণাক্ত কৰিছে আৰক্ষীয়ে ৷

Dead body rescued at Jorhat Railway track
যোৰহাটৰ ৰেল আলিত যুৱকৰ মৃতদেহ উদ্ধাৰ

যোৰহাট, 14 আগষ্ট: যোৰহাটৰ ৰেলৱে বিজি য়াৰ্ডত এজন যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷ মৃত যুৱকজনৰ নাম বিশ্বজিৎ দাস বুলি চিণাক্ত কৰিছে আৰক্ষীয়ে ৷ জানিব পৰা মতে,পেছাত ট্ৰাক চালক আছিল মৃত যুৱকজন ৷ প্ৰত্যক্ষদৰ্শীৰ মতে খোজ কাঢ়ি গৈ থকা অৱস্থাত হঠাতে ঢলি পৰাৰ ফলত মৃত্যু হয় যুৱকজনৰ ৷ কিন্তু মৃত যুৱকজনৰ ট্ৰাকৰ মালিক বিপুল সেনাপতিয়ে জনোৱা মতে অত্যধিক পৰিমানে সুৰা আৰু ড্ৰাগছ সেৱন কৰাৰ ফলতেই এনেদৰে অকাল মৃত্যুক সাৱতি ল'ব লগীয়া হ'ল যুৱকজনে ৷

যোৰহাটৰ ৰেল আলিত যুৱকৰ মৃতদেহ উদ্ধাৰ

উল্লেখযোগ্য যে,উক্ত অঞ্চলত ড্ৰাগছ আৰু সুৰাৰ অবৈধ ঘাটি আছে ৷ নিতৌ বহু যুৱকৰ সমাগম ঠাই খিনিত ৷ নিচাযুক্ত দ্ৰৱ সেৱনৰ বাবেই এনেদৰে এজন সুস্থ অৱস্থাত থকা যুৱকৰ মৃত্যু হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ যোৰহাট গড়মূৰত এটা ভাড়াঘৰত বসবাস কৰা বিশ্বজিতে মৃত্যুৰ সময়য পিতৃ মাতৃ লগতে পত্নী আৰু চাৰি মহিয়া কন্যা সন্তান এৰি থৈ গৈছে৷ জানিব পৰা অনুসৰি পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল বিশ্বজিৎ দাস ৷

লগতে পঢ়কঃ স্বাধীনতা দিৱস উদযাপন কৰাক লৈ মৰিগাঁও প্ৰশাসন বিমোৰত

ABOUT THE AUTHOR

...view details