যোৰহাট, ১০ জানুৱাৰী :এক হৃদয় বিদাৰক ঘটনাই জোকাৰি গৈছে সমগ্ৰ যোৰহাট (tragic incident in Jorhat) । মাতৃ আৰু কন্যাৰ মমতাৰ এক বেদনা গধুৰ ঘটনা । যি ঘটনাই সকলোৰে চকু সেমেকাই তোলাৰ লগতে বুকুৰ কোণত সৃষ্টি কৰিছে এক বুজাব নোৱৰা বিষ । এগৰাকী নিৰ্বোধ জীয়াৰীয়ে মানি ল'ব পৰা নাই মাতৃৰ মৃত্যুৰ নিৰ্মম সত্য (dead body recovered after 10 days in Jorhat) । যাৰ বাবে নীৰৱে মাতৃৰ মৃতদেহ সাবটি দহ দিনলৈকে সোমাই থাকিল ঘৰৰ ভিতৰতে । এই ঘটনাই বৰ্তমান যোৰহাটত এফালে যেনেদৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে, আনফালে আকৌ সকলোৰে হৃদয়ত তোলপাৰ লগাইছে ।
বিগত প্ৰায় দহ দিন ধৰি ঘৰৰ ভিতৰতে পৰি আছে এগৰাকী মহিলাৰ মৃতদেহ । কিন্তু কোনেও ঘূণাক্ষৰে জানিব পৰা নাছিল মহিলাগৰাকীৰ মৃত্যুৰ কথা (mentally ill girl kept dead body in house) । আনহাতে, মহিলাগৰাকীৰ লগত বাস কৰা একমাত্ৰ কন্যাইও মাতৃৰ মৃতদেহ সাবটি সোমাই আছিল ঘৰৰ ভিতৰতে । মাতৃৰ মৃত্যুক যেন কোনো প্ৰকাৰে মানি ল'ব পৰা নাই জীয়াৰীয়ে । যাৰ বাবে তেওঁ নিজ মাতৃৰ মৃত্যুৰ খবৰ কাকো জনোৱা নাছিল । নিজেও ওলাই অহা নাছিল ঘৰটোৰ ভিতৰৰ পৰা । অৱশেষত আৰক্ষীয়ে আহি উদ্ধাৰ কৰে মৃতদেহটো (Daughter spent with mothers body for ten days) ।
যোৰহাটৰ জেইল ৰোডত সংঘটিত হৈছে এই হৃদয় বিদাৰক ঘটনাটো । মৃত মহিলাগৰাকীৰ নাম অপৰ্ণা বৰা । আনহাতে, তেওঁৰ কন্যা হৈছে মানসিকভাৱে অসুস্থ । মহিলাগৰাকীৰ সৈতে তেওঁৰ জীয়াৰীয়ে বাস কৰিছিল ঘৰটোত । প্ৰয়াত প্ৰেম বৰাৰ পত্নী হৈছে অপৰ্ণা বৰা । স্বামীৰ মৃত্যুৰ পিছত তেওঁ মানসিকভাৱে অসুস্থ জীয়াৰীৰ সৈতে জীৱন নিৰ্বাহ কৰিছিল । কিন্তু মৰম আৰু ভৰসাৰ শেষ আশ্ৰয় মাতৃৰ মৃত্যুত অসহায় হৈ পৰে তেওঁৰ একমাত্ৰ কন্যা ।