যোৰহাট, 1 অক্টোবৰ :শাৰদীয় দুৰ্গোৎসৱৰ প্ৰাকক্ষণত ৰাজ্যবাসীৰ বাবে আকৌ এটা বেয়া খবৰ ৷ পুনৰ ক'ভিডত আক্ৰান্ত হৈছে ৰাজ্যৰ কেইবাজনো চিকিৎসক ৷ বিগত 24 ঘণ্টাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ 22 গৰাকী শিক্ষাৰ্থী ক'ভিডত আক্ৰান্ত হৈছে ৷ ইয়াৰে 3 গৰাকী স্নাতকোত্তৰ শ্ৰেণীৰ, 7 গৰাকী ইণ্টাৰ্ণ আৰু বাকী সকল চতুৰ্থ আৰু যষ্ঠ ষান্মাষিকৰ ৷
আনহাতে ক'ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সাময়িকভাৱে অফলাইন পাঠদান স্থগিত ৰাখিছে মহাবিদ্যালয় কৰ্তৃপক্ষই ৷ বৰ্তমান যোৰহাট জিলাত দৈনিক 50 জনৰো অধিক লোক ক'ভিডত আক্ৰান্ত হোৱা খবৰ আহিছে ৷