অসম

assam

By

Published : Jul 14, 2020, 2:59 PM IST

ETV Bharat / state

যোৰহাটত বৃদ্ধি ক'ভিড-19 আক্ৰান্তৰ সংখ্যা

যোৰহাটত বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা। ক্ৰমান্বয়ে গণ সংক্ৰমণৰ দিশলৈ গতি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে যোৰহাটত ৷

covid-19 cases increased in jorhat
covid-19 cases increased in jorhat

যোৰহাট, 14 জুলাই : যোৰহাটত এতিয়া দৈনিক বৃদ্ধি পাইছে ক'ভিড-19 আক্ৰান্তৰ সংখ্যা । ক্ৰমান্বয়ে গণ সংক্ৰমণৰ দিশলৈ গতি কৰাৰ সম্ভাৱনা প্ৰকট হৈছে যোৰহাটত ৷ ইতিমধ্যে যোৰহাটত ৩৯২ জন আক্ৰান্ত হৈছে বৰ্তমানলৈকে । ইয়াৰে ভিতৰত চিকিৎসাধীন হৈ আছে ১২৫ জন। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ১০৬ গৰাকী আক্ৰান্তক । আনহাতে ২১ গৰাকীক বায়ু সেনা চিকিৎসালয়ত আৰু ৪৪ গৰাকীক ন-বৰা চুক মডেল হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছে ।

যোৰহাটত বৃদ্ধি ক'ভিড আক্ৰান্তৰ সংখ্যা
কিন্তু অতি গুৰুত্বপূৰ্ণ দিশটো হ'ল যে, মঙলবাৰেও বহু লোকক ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হৈছে । ইয়াৰ ভিতৰত যান-বাহন আৰক্ষীৰ ৪জন,নিউ ভিল ৰোডৰ ৬ জন,তৰুণৰাম ফুকন পথৰ এজন । ইয়াকে লৈ শংকিত হৈ পৰিছে চহৰখনৰ লোকসকল ৷

ABOUT THE AUTHOR

...view details