অসম

assam

ETV Bharat / state

DAC election 2022 : যোৰহাট দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ(DAC election 2022) অন্তৰ্গত যোৰহাট জিলাৰ ৮ নং সমষ্টিত কংগ্ৰেছ দলৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিলে কেশৱ দেউৰীয়ে ৷ বৃহৎ সংখ্যক সৰ্মথকক লগত লৈ এক বিশাল ৰেলীৰ মাজেৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে ৷

By

Published : Oct 19, 2022, 9:26 PM IST

DAC election 2022
যোৰহাট দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

যোৰহাট, 19 অক্টোবৰ : ৮ নৱেম্বৰত দেউৰী স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচন (DAC election 2022)। নিৰ্বাচনৰ সাজু সকলো ৰথী মহাৰথী । বুধবাৰে যোৰহাট জিলা ৮ নং সমষ্টি বাবে কংগ্ৰেছ দলৰ হৈ কেশৱ দেউৰীয়ে অতিৰিক্ত উপায়ুক্ত ওচৰত মনোনয়ণ দাখিল কৰে ।

যোৰহাট ষ্টেডিয়াম(Jorhat Stadium) পৰা বৃহৎ সংখ্যক সৰ্মথকক লৈ এক বিশাল ৰেলীৰ মাজেৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকী যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয় সন্মুখত উপস্থিত হয় । উক্ত স্থানৰ পৰাই দলীয় সমৰ্থক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰে । মনোনয়ন পত্ৰ দাখিলৰ অন্তত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে কয় যে সমষ্টি উন্নয়ন আৰু নিৱনুৱা সমস্যা সমাধাণৰ ক্ষেত্ৰত তেওঁ গুৰুত্ব আৰোপ কৰিব ।

যোৰহাট দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন দাখিল

উল্লেখযোগ্য যে, সমাগত দেউৰী স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনত ৮ নং সমষ্টিত এইবাৰ নিৰ্বাচনীয় যুঁজখন খুউৱ আকৰ্ষণীয় হৈ পৰিব (DAC election in Jorhat)। কাৰণ এইবাৰ দেউৰী জনসাধৰণে পৰিৱৰ্তনৰ আশাত ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব । অন্যহাতে কংগ্ৰেছৰ হৈ মনোনয়ণ দাখিল কৰা কেশৱ দেউৰীয়ে কয় যে, এইবাৰ ৰাইজে পৰিৱৰ্তনৰ আশা লৈ আছে ৷ সেয়েহে বিগত কাৰ্যকালত যি আধৰুৱা কাম থাকি গ'ল সেয়া কৰা বাবে আগৱাঢ়িছে ।

বিশেষত নিৱনুৱা সমস্যা সমাধান স্বাৰ্থত শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে আই টি পাঠ্যক্ৰম, নাৰ্ছিং আদি পাঠ্যক্ৰম বাবে সক্ষম কৰি তোলা আৰু এই পাঠ্যক্ৰমসমূহৰ জৰিয়তে অনাগত দিনত তেওঁলোক স্বাৱলম্বী হোৱাটো প্ৰধান লক্ষ্য হিচাবে নিৰ্ধাৰণ কৰা হৈছে । অন্যহাতে বিভিন্ন কাৰ্যক্ষম আঁচনিৰ জৰিয়তে বিভিন্ন পদক্ষেপ ৰাইজ বাবে গ্ৰহণ কৰা হ'ব বুলি তেওঁ মন্তব্য কৰে । দেৰগাঁও সমষ্টিৰ অন্ত্ৰগত ৮ নং দেউৰী স্বায়ত্ব শাসিত পৰিষদটোৰ দীৰ্ঘদিনীয়া সমস্যা হৈছে বান আৰু গৰাখহনীয় ।

উল্লেখ্য যে, এই সময়ত দেৰগাঁও বিধানসভা সমষ্টি(Dergaon Assembly constituency) অন্তৰ্গত উক্ত পাৰিষদীয় সমষ্টিৰ বাবে অগপ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলি অভিযোগ উত্থাপিত হৈছে । মাথো নিৰ্বাচনৰ সময়তহে বিধায়কগৰাকীয়ে কথাৰ ফুলজাৰি মাৰে বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে । সেহে উক্ত পাৰিষদীয় সমষ্টিটো বিজেপিয়ে অসম গণ পৰিষদ এৰি দিয়ে । ফলত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী প্ৰৱল প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে ।

বুধবাৰে কংগ্ৰেছৰ প্ৰাৰ্থী কেশৱ দেউৰীয়ে ৰাজপথত বৃহৎ দলীয় সমৰ্থক লৈ এক ৰেলী বাহিৰ কৰি নিজৰ শক্তি প্ৰদৰ্শন কৰে । মনোনয়ণ পত্ৰ দাখিল কৰাৰ সময়ত দেউৰী সমাজৰ কেইবাজনো পূজাৰীয়ে সংগ দিয়াৰ লগতে যোৰহাট জিলা কংগ্ৰেছৰ কেবাজনো বিষয়ববীয়াই সংগ দিয়ে কেশৱ দেউৰীক ।

এটা কথা উল্লেখ কৰা প্ৰয়োজন যে, এইবাৰ দেউৰী স্বায়িত্ব শাসিত পৰিষদত ব্যাপক হাৰত কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগো উত্থাপিত হৈছে ৷

লগতে পঢ়ক :Congress President Elections Results: কংগ্ৰেছৰ নতুন সভাপতি মল্লিকাৰ্জুন খাৰ্গে

ABOUT THE AUTHOR

...view details