টীয়ক, 9 মেঃ টীয়কৰ বানেধোৱা জাঁজীমুখত প্ৰতি বছৰে ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা গৰাখহনীয়াই জাঁজীমুখৰ ভৌগলিক মানচিত্ৰ সঘনে পৰিৱৰ্তন কৰি আহিছে । ইতিমধ্যে নদীখনৰ বুকুত জাহ গৈছে কেইবাখনো গাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-দুৱাৰ ৷ কিন্তু পৰিয়ালসমূহৰ প্ৰতি গুৰুত্ব দিবলৈ আহৰি নাই জন প্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষৰ ৷
জাঁজীমুখত খহনীয়া প্ৰতিৰোধৰ নামত লুণ্ঠনৰ অভিযোগ
জাঁজীমুখত ব্ৰহ্মপুত্ৰই অব্যাহত ৰখা খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গঢ়ি তোলাৰ বাবে অঞ্চলবাসীৰ লগতে বিভিন্ন দল-সংগঠনে দাবী জনাই আহিছে যদিও এই দাবীৰ প্ৰতি কোনো গুৰুত্ব প্ৰদান কৰা নাই জলসম্পদ বিভাগে । ইয়াৰ বিপৰীতে অস্থায়ীভাৱে কেতবোৰ আঁচনি গ্ৰহণ কৰি জাঁজীমুখ সুৰক্ষাৰ নামত বাৰিষাৰ আগে আগে আঁচনি ৰূপায়ণৰ নামত বিভাটোৱে চৰকাৰী ধন লুন্ঠনৰ এক পৰম্পৰা অব্যাহত ৰাখিছে বুলি একাংশ স্থানীয় লোকে অভিযোগ উত্থাপন কৰিছে ৷

উল্লেখ্য যে জাঁজীমুখৰ জপং গাঁৱৰ সমীপত আৰ চি চি পাৰ্কুপাইন দিয়াৰ নামত চৰকাৰী ধনৰ শৰাধ কৰা বুলি এক প্ৰতিবেদনৰ জৰিয়তে পোহৰলৈ আহা বুলি জানিব পৰা গৈছে ৷ সেয়ে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই সমগ্ৰ ঘটনাটোৰ তদন্তৰ দাবী তুলি মুখ্যমন্ত্ৰী তথা জলসম্পদ মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰৰণ কৰিছে ৷