যোৰহাট, 4 জানুৱাৰী :অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ এটা দল ৩ জানুৱাৰীৰ দিনা ৰাওনা হৈছে বেংককলৈ (Assam Agricultural University Students to Bangkok for Agricultural Higher Level Training) ৷কৃষি শিক্ষা, গৱেষণা আৰু সম্প্ৰসাৰণৰ দিশত উচ্চ শিক্ষা আৰু শেহতীয়া প্ৰযুক্তিগত জ্ঞান আহৰণৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ ১০ জনীয়া শিক্ষাৰ্থীৰ দলটো বেংককলৈ যোৱা বুলি জানিব পৰা গৈছে । অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত কৃষি মহাবিদ্যালয়ৰ ৩ গৰাকী, সামুহিক বিজ্ঞান মহাবিদ্যালয়ৰ ৩ গৰাকী আৰু মীন মহাবিদ্যালয়ৰ ৪ গৰাকী শিক্ষাৰ্থীক নিৰ্বাচিত কৰা হৈছে এই বিশেষ প্ৰশিক্ষণৰ বাবে ৷
শিক্ষাৰ্থীৰ এই ১০ জনীয়া দলটোৱে থাইলেণ্ডস্থিত বেংককৰ এছিয়ান ইনষ্টিটিউট অৱ টেকনলজি (এ আই টি ) ত ৩ মাহজোৰা বিশেষ প্ৰশিক্ষণ গ্ৰহণ কৰিব । বিশেষকৈ শস্য চপোৱাৰ পাছত ল’বলগীয়া ব্যৱস্থাৱলীৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব শিক্ষাৰ্থীৰ দলটোক ৷ উন্নত কাৰিকৰী কৌশল, উন্নত প্ৰযুক্তি কৌশলৰ ক্ষেত্ৰভিত্তিক অধ্যয়ন, কৃষি সম্প্ৰসাৰণৰ শেহতীয়া ধাৰা আৰু কৃষি উদ্যোগী তথা উদ্যোগ গঢ় দিয়াৰ বাবে বিশেষ প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব শিক্ষাৰ্থীৰ দলটোৱে ৷ তদুপৰি শিক্ষাৰ্থীৰ দলটোৱে থাইলেণ্ডৰ কৃষি তথা কৃষি সম্বন্ধীয় নানান দিশসমূহ অধ্যয়নৰ লগতে পৰিদৰ্শন কৰিব শিক্ষাৰ্থীসকলে(Assamese students to Bangkok for agricultural knowledge) ।