অসম

assam

By

Published : Sep 2, 2019, 9:44 AM IST

ETV Bharat / state

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ হাতত আটক মাৰণাস্ত্ৰসহ দুই যুৱক

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ হাতত আটক হ'ল মাৰণাস্ত্ৰসহ দুই যুৱক ৷ আটকাধীন লোক দুজনৰ নাম নাগৰাজ ৰামু দেৱলিগা আৰু ছেলিম ৷ যুৱক দুজনৰ ঘৰ মহাৰাষ্ট্ৰত ৷

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই যুৱক

হোজাই,2 চেপ্তেম্বৰঃ হোজাই আৰক্ষীৰ জালত নিশা মাৰণাস্ত্ৰসহ আটক দুই যুৱক ৷ মোৰাঝাৰ আৰক্ষীয়ে আটক কৰে পিষ্টলসহ যুৱক দুজনক ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে,হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষীয়ে নিশা বিশেষ সূত্ৰৰ পম খেদি যুৱক দুজনক কপাহবাৰী অঞ্চলৰ পৰা এটা পিষ্টলসহ আটক কৰে ৷ আটকাধীন দুই যুৱকৰ নাম ক্ৰমে মহাৰাষ্ট্ৰৰ নাগৰাজ ৰামু দেৱলিগা আৰু ছেলিম | যুৱক দুজনে মহাৰাষ্ট্ৰৰ পৰা সৰবৰাহ কৰিছিল এই মাৰণাস্ত্ৰ ৷ সৰবৰাহ কৰি আনি লগত লৈ ঘুৰি ফুৰা অৱস্থাত মোৰাঝাৰ আৰক্ষীৰ আটক কৰে যুৱক দুজনক ৷ বৰ্তমান মোৰাঝাৰ আৰক্ষীয়ে আটকাধীন যুৱক দুজনক মোৰাঝাৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷

হোজাইৰ মোৰাঝাৰ আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ দুই যুৱক

ABOUT THE AUTHOR

...view details