অসম

assam

By

Published : Jul 1, 2020, 11:52 PM IST

ETV Bharat / state

সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানক হোজাই জিলা কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যসূচী অনুসাৰে হোজাইৰ জিলাতো জিলা কংগ্ৰেছৰ উদ্যোগত সীমান্তত মৃত্যু হোৱা বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ হোজাই চহৰৰ মাজমজিয়াত অৱস্থিত নেতাজীৰ প্ৰতিমূৰ্তিৰ সমীপত আয়োজিত অনুস্থানটোত বীৰ শ্বহীদ কেইগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জলনৰ লগতে পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হোজাই জিলা কংগ্ৰেছৰ সদস্যসকলে ৷

swahid divas by hojai congress
সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানক হোজাই জিলা কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

হোজাই, ১ জুলাই:ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যসূচী অনুসাৰে হোজাইৰ জিলাতো জিলা কংগ্ৰেছৰ উদ্যোগত সীমান্তত মৃত্যু হোৱা বীৰ শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ হোজাই চহৰৰ মাজমজিয়াত অৱস্থিত নেতাজীৰ প্ৰতিমূৰ্তিৰ সমীপত আয়োজিত অনুস্থানটোত বীৰ শ্বহীদ কেইগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্জলনৰ লগতে পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হোজাই জিলা কংগ্ৰেছৰ সদস্যসকলে ৷

সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানক হোজাই জিলা কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোৰ অন্তত বৰ্তমান চৰকাৰৰ হাতত দেশ সুৰক্ষিত নোহোৱাৰ অভিযোগেৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ডা°অৰ্ধেন্দু কুমাৰ দেৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচীও ৰূপায়ণ কৰে ৷

সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানক হোজাই জিলা কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

জ্যেষ্ঠ কংগ্ৰেছী নেতা ডা° দেৰ অভিযোগ, ভাৰতৰ ভুল বৈদশিক নীতিৰ বাবে দেশৰ কাষৰ প্ৰতিবেশী ৰাষ্ট্ৰসমূহে ভাৰতৰ লগত সম্পৰ্ক ছেদ কৰিছে ৷ ভাৰত চৰকাৰৰ ব্যৰ্থতাৰ বাবে ভাৰতৰ বীৰ সৈনিক সকল শ্বহীদ হবলগীয়া পৰিস্থিতি হৈছে বুলি কৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে ৷

সীমান্তত শ্বহীদ হোৱা বীৰ জোৱানক হোজাই জিলা কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

লগতে ভাৰতীয় সৈনিকসকলক চৰকাৰে অস্ত্ৰ ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিয়া নাছিল বুলি অভিযোগ তুলি কয়, ভাৰত চৰকাৰে সেনাক নিৰ্দেশ দিছিল যে, তোমালোকক চীনা সৈন্যই আক্ৰমণ কৰিলেওঁ তোমালোকে গুলীৰে প্ৰত্যুত্তৰ নিদিবা ৷ যাৰ ফলত ভাৰতীয় সৈন্য সকলে জীৱণ আহুতি দিব লগা হ’ল । কংগ্ৰেছী নেতাজনৰ এই মন্তব্যৰ পাছতে সমগ্ৰ হোজাইতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ।

লগতে চাওক-টিক টক নিষিদ্ধ হোৱাৰ বাবে সুখী বহুকেইজন তাৰকা

ABOUT THE AUTHOR

...view details