হোজাই, 20 জুলাই :সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বহু কেইখন জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ সংহাৰী ৰূপ ৷ ৰাজ্য চৰকাৰে ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কঠোৰৰ পৰা কঠোৰ পন্থা অৱলম্বন কৰাৰ পাছতো সচেতন হোৱা নাই একাংশ লোক ৷ যাৰ বাবে বহুকেইখন জিলাত বৰ্তমানেও অব্যাহত আছে ক'ভিডৰ গণ সংক্ৰমণ ৷ ইয়াৰ মাজতে লংকাৰ বজাৰত যেন ধোঁৱাচাঙত উঠিছে ক'ভিড প্ৰ'টকল ৷
উল্লেখ্য যে, লংকাত বজাৰলৈ যোৱা একাংশ লোকে মুখত মাস্ক পৰিধান নকৰাৰ লগতে মানি চলা নাই কোনো ধৰণৰ সামাজিক দূৰত্ব ৷ ইফালে কৰ্তব্যৰত আৰক্ষীৰো যেন নাই কোনো দায়িত্বজ্ঞান ৷ যাৰ বাবে গণ সংক্ৰমণৰ আশংকা কৰিছে লংকাৰ সচেতন মহলে ৷ ক'ভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো এনে বিধিক যেন এতিয়াও চূড়ান্তভাৱে উলংঘা কৰি আহিছে লংকাৰ একাংশ লোকে ৷
চৰকাৰ তথা প্ৰশাসনে বজাৰ সমাৰৰ ক্ষেত্ৰত কেতবোৰ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যদিও হোজাইৰ লংকাৰ বজাৰত যেন অসাৰ সেই নিৰ্দেশনা ৷