হোজাই, 29 মে’: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাই জিলাত নদীৰ বাঢ়নী পানীয়ে সৃষ্টি কৰিছে অবৰ্ণনীয় পৰিস্থিতিৰ ৷ হোজাইৰ ডবকাৰ চাংমাজীত বৃহস্পতিবাৰে বানে উটুৱাই নিলে এজনক ৷ যুৱকজন চাংমাজী গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ ৰহিম উদ্দিনৰ পুত্ৰ ইকৰাম হুছেইন বুলি জানিব পৰা গৈছে ৷
হোজাইত বানে উটুৱাই নিলে যুৱকক
বৃহস্পতিবাৰে হোজাইৰ ডবকাৰ চাংমাজীত বানে উটুৱাই নিলে ইকৰাম হুছেইন নামৰ যুৱকজনক ৷ বৰ্তমানলৈকে সন্ধান নাই যুৱকজনৰ ৷
হোজাইত বানে উটুৱাই নিলে এজন যুৱকক
কিন্তু বৰ্তমানলৈকে সন্ধান পোৱা নাই যুৱকজনৰ ৷ ঘটনা সন্দৰ্ভত ডবকাত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷
লগতে পঢ়ক:মহানগৰীত নতুনকৈ চাৰিটা স্থান কন্টেইনমেন্ট জ'ন ঘোষণা