অসম

assam

By

Published : Mar 27, 2021, 5:26 PM IST

ETV Bharat / state

লামডিঙত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শক্তি প্ৰদৰ্শন

কংগ্ৰেছৰ নাম ক'লে গেলামালৰ দোকানৰ পৰাও বস্তু নিদিয়ে । মহাবিদ্যালয়ত পাঠ গ্ৰহণ কৰিলে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীয়ে ১০০ টকাকৈ লাভ কৰিব । লামডিঙত বিজেপিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

লামডিঙত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শক্তি প্ৰদৰ্শন
লামডিঙত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ শক্তি প্ৰদৰ্শন

হোজাই,২৭ মাৰ্চ: শুকুৰবাৰে লামডিঙত শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । শ্বহীদ মৈদামত অনুষ্ঠিত এই নিৰ্বাচনী সভাত ২০ হাজাৰৰো অধিক লোকৰ সমাগম হয় । কংগ্ৰেছৰ লগতে এআইইউডিএফ-ৰ সভাপতি বদৰুদ্দিন আজমলক তুলাধূনা দিয়ে মন্ত্ৰী ডঃ শৰ্মাই ।

তেওঁ কয় যে, কংগ্ৰেছে সূতা, কম্বল, লুঙীৰ ৰাজনীতি কৰে ৷ কংগ্ৰেছৰ নাম ক'লে গেলামালৰ দোকানৰ পৰাও দোকানীয়ে বস্তু নিদিয়ে বুলি তেওঁ কটাক্ষ কৰে । চাকৰি প্ৰদানক লৈও কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে মন্ত্ৰী গৰাকীয়ে । তেওঁ কয় যে, কংগ্ৰেছত এইবাৰ গেৰাণ্টি গান্ধী আহিল ৷ যি বস্তুৰ গেৰাণ্টি থাকে সেই বস্তু বেছি দিন নচলে ৷ স্বপন ক'ৰে নিজৰ জাতিকে বিক্ৰী কৰিলে সেয়েহে এইবাৰ স্বপন ক'ৰক ইয়াৰ পৰা একেবাৰে বিদায় দিব লাগিব বুলিও শৰ্মাই মন্তব্য কৰে ৷

লামডিঙত শিবু মিশ্ৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

আনহাতে, বদৰুদ্দিন আজমলক সমালোচনা কৰি মন্ত্ৰী হিমন্তই কয় যে, শাসনলৈ অহাৰ পূৰ্বেই আজমলে নতুন আঁচনি গ্ৰহণ কৰিছে আৰু সেয়া হৈছে মুছলমান সম্প্ৰদায়ৰ মহিলাক যিমান ইচ্ছা সিমান সন্তান জন্ম দিয়াৰ অনুমতি দিয়াৰ । লগতে সন্তান জন্ম দিয়া মহিলাৰ কষ্টৰ কথা উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে, মহিলাসকল সন্তান জন্ম দিয়া মেচিন নেকি । আজমলে চৰকাৰ গঠন হ'লে মাদ্ৰাছা খুলিব বুলি কোৱা প্ৰসংগত তেওঁ আজমলক প্ৰত্যাহ্বান জনাই কয় যে, যদি আজমলৰ ভৰিত ইমান জোৰ আছে তেন্তে চিকিৎসালয় স্থাপন কৰি দেখুওৱাক ।

বিজেপিয়ে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে বৰ্ণনা কৰি তেওঁ কয় যে, বিজেপিয়ে অৰুণোদয়, স্বয়ং আঁচনি গ্ৰহণ কৰাৰ লগতে বিনামূলীয়া চাউল প্ৰদান কৰিছে । ছাত্ৰীসকলকো স্কুটী প্ৰদান কৰা হৈছে । বিজেপি চৰকাৰ পুনৰ শাসনলৈ আহিলে প্ৰতি বছৰে এক লাখ নিবনুৱাক চাকৰি প্ৰদান কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়ে ৷

লগতে ল'ৰাবোৰকো বাইক দিব বুলি আশ্বাস দিয়ে । কিন্তু ধেমালিৰ সুৰত তেওঁ কয় যে, বাইকৰ ৰং গেৰুৱা হ'ব লাগিব । মহাবিদ্যালয়ত পাঠগ্ৰহণ কৰিলে প্ৰতিদিনে ছাত্ৰ-ছাত্ৰীয়ে ১০০ টকাকৈ লাভ কৰিব । লগতে এইবাৰ অসমত বিহু উলহ-মালহেৰে উদযাপন কৰা হ'ব বুলিও তেওঁ মন্তব্য কৰে ।

লগতে পঢ়ক: প্ৰথম পৰ্যায় নিৰ্বাচন: ভোটদান কৰিলে জগদীশ ভূঞাই

ABOUT THE AUTHOR

...view details