অসম

assam

By

Published : Nov 12, 2019, 3:54 PM IST

Updated : Nov 12, 2019, 8:01 PM IST

ETV Bharat / state

আমাক লাডেনক নালাগে...

লাডেনক হোজাই জিলাৰ লামডিং বনাঞ্চলত এৰি দিয়া খবৰ সংবাদ মাধ্যমত প্ৰচাৰ চলোৱাৰ পাছতেই উদালী তিনিআলিত ৰাইজৰ উত্তাল প্ৰতিবাদ ৷

হোজাইত লাডেনৰ বিৰুদ্ধে প্ৰতিবাদ

হোজাই,12 নৱেম্বৰ :হোজাইত লাডেনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৷ লাডেনক হোজাই জিলাৰ লামডিং বনাঞ্চলত এৰি দিয়া খবৰ সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই উদালী তিনিআলিত ৰাইজৰ উত্তাল প্ৰতিবাদ | গোৱালপাৰাত কৰায়ত্ত কৰা লাডেননামৰ হাতীটোকলামডিং বনাঞ্চললৈ অনাৰ খবৰ পোৱাৰ পিচতে আতংকিত হৈ পৰিছে লামডিং বনাঞ্চলৰ সমীপৰ উদালী তিনিআলিবাসী ৰাইজ ৷ লাডেনক লামডিং বনাঞ্চললৈ অনাক লৈ সোমবাৰে নিশা উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

হোজাইত লাডেনৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিআলি অঞ্চলৰ প্ৰায় দুই শতাধিক স্থানীয় ৰাইজ ওলাই আহি বন মন্ত্ৰী হায় হায়,পৰিমল শুক্লবৈদ্য হায় হায় ,লাডেনক আমি কেতিয়াও লামডিং বনাঞ্চলত এৰিবলৈ নিদিও ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰীৰ অভিযোগ লামডিং বনাঞ্চলত ইলেভেন প্ৰজেক্ট নামত দিয়া আছে কামৰ নহয় ৷ প্ৰজেক্টৰ নামত নাই কোনো সুৰক্ষা ৷ বন বিভাগে প্ৰজেক্টত হাতীৰ ৰখাৰ নামত বৰ্তমানলৈ এটাও গছ পুলি ৰোপণ কৰা দেখা নগ'ল বুলি অভিযোগ কৰে ৷ গোৱালপাৰা জিলাৰ ৰংজুলি আৰু মাটিয়াত ত্ৰাসৰ সৃষ্টি কৰি অহা লাডেনক লামডিং বনাঞ্চললৈ অনা খবৰ বিয়পি পৰাৰ পাছতে বনাঞ্চলৰ সমীপৰ ৰাইজ আতংকিত হৈ প্ৰতিবাদ কৰে ৷

লগতে চাওকঃ হাউলীত শুভাৰম্ভ ৯২ সংখ্যক ৰাস মহোৎসৱ

Last Updated : Nov 12, 2019, 8:01 PM IST

ABOUT THE AUTHOR

...view details