হোজাই, ১ জুন: বহু লোকেই ক'ভিড-১৯ত আক্ৰান্ত হৈ আৰোগ্য হোৱাৰ পিছত প্ৰয়োজনীয় সাৱধনতা অৱলম্বন নকৰে । ৰোগৰ লক্ষণ দেহৰ পৰা সম্পূৰ্ণ নোহোৱা হ'বলৈ কিছু সময় লাগে বাবে চিকিৎসকে হোম কোৱাৰেণ্টাইনত থকাৰ পৰামৰ্শ দিয়ে ।
কিন্তু বহুতেই চিকিৎসকৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব নিদিয়ে । একাংশ ৰোগীয়ে কাঁহ, জ্বৰ আদি ৰোগতো ভোগে । হোজাইৰ এইছ এ এম এম হাস্পতাল(Haji Abdul Majid Memorial Hospital and research centre) কৰ্তৃপক্ষই এনে ৰোগীক চিকিৎসা প্ৰদানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।