হোজাই, 14 জুলাই :গৰমৰ দিন মানে উৎকট ৰ'দ ৷ উৎকট ৰ’দে দহিছে ৰাজ্যবাসীক ৷ সমান্তৰালকৈ হোজাইবাসীয়েও এতিয়া মুখামুখি হ’বলগীয়া হৈছে প্ৰচণ্ড গৰমৰ । কাৰোবাৰ বাবে যদি গৰমৰ দিন আমনিদায়ক তেন্তে আন কাৰোবাৰ বাবে এয়া এক আশাৰ ৰেঙণি । প্ৰচণ্ড গৰমত এতিয়া পদপথত চাহিদা বৃদ্ধি পাইছে নেমুপানীৰ(Demand for Lemonade has increased in Hojai) ।
লংকা, নগাঁৱৰ পদপথৰ ওচৰে-পাজৰে থকা ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ভিতৰত এখন বিশেষ দোকানে গৰমৰ দিনত পথচাৰীসকলক সকাহ প্ৰদান কৰি আহিছে ৷ ক্ষুদ্ৰ প্ৰতিষ্ঠানখন হৈছে এখন নেমু চৰবতৰ দোকান ৷ য’ত গৰমৰ দিনত শীতল পানীয় যোগান ধৰি মানুহক দি অহা হৈছে সকাহ ।