হোজাই, 31 মাৰ্চঃ দেওবাৰে হোজাইৰ কেন্দ্ৰগুৰি গাঁৱত সংঘটিত এটা চাঞ্চল্যকৰ ঘটনাই জোকাৰি গ'ল সমগ্ৰ ৰাজ্য ৷এইবাৰ পিতৃৰ চকুৰ সমুখতে কামনাৰ বলি হ'ল এগৰাকী 6 বছৰীয়া মূকবধিৰ শিশু ৷ পাশৱিকতাৰ সীমা চেৰাই যোৱা হোজাইৰ এক শিহৰণকাৰী ঘটনা ৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে পুৱা সেই গাঁৱলৈ আগমন ঘটিছিল কামপুৰৰ ভূপেন হীৰা নামৰ যুৱকজনৰ।
পিতৃৰ সমুখতে ধৰ্ষণৰ বলি 6 বছৰীয়া শিশু
হোজাইৰ কেন্দ্ৰগুৰি গাঁৱত পিতৃৰ চকুৰ সমুখতে কামনাৰ বলি হ'ল এগৰাকী 6 বছৰীয়া মূকবধিৰ শিশু ৷ পিতৃৰ লগত মদ্যপান কৰি কন্যাক ধৰ্ষণ কৰে ভূপেন হীৰা নামৰ যুৱকজনে ৷
হোজাইৰ কেন্দ্ৰগুৰি গাঁৱত 6 বছৰীয়া মুকবধিৰ কিশোৰী ধৰ্ষণ
সেইমতে শিশুটিৰ পিতৃৰ সৈতে ভূপেনৰ পথতে চিনাকি হোৱাতভূপেনক ঘৰলৈ লৈ যায়। ইয়াৰ পিচত দুয়োজনে ঘৰতে মদ্যপান কৰে। মদ্যপানৰ পিচতে ভূপেনে পিতৃৰ সম্মুখতে তেওঁৰ 6 বছৰীয়া মূকবধিৰ কন্যাক ধৰ্ষণ কৰে। পৰৱৰ্তী সময়ত ভূপেনক স্থানীয় ৰাইজৰ সহযোগত আটক কৰি আৰক্ষীক গটাই দিয়াৰলগতেশিশুটিৰপিতৃকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷