হোজাই,30 মাৰ্চঃ সোমবাৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভোটাৰ সজাগতা সভা অনুষ্ঠিত হয় । বিধানসভা নিৰ্বাচনত ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচন সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ উদ্দেশ্যে লংকাৰ ৰাজস্থান হোটেলৰ সন্মুখত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ভোটাৰ সজাগতা সভা আয়োজন কৰে ।
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নিৰ্বাচনী সজাগতা সভা
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যেগত ভোটাৰ সজাগতা সভা । লংকাৰ ৰাজস্থান হোটেলৰ সন্মুখত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে আয়োজন কৰে ভোটাৰ সজাগতা সভা ৷
উক্ত সভাত উপস্থিত থাকে ৰাষ্ট্ৰীয় কলা মঞ্চৰ ৰাজ্যিক প্ৰমূখ্য ভাস্কৰ কলিতা, বিশিষ্ট লেখক ৰতিশ দাস, ABVP হোজাই জিলা সম্পাদক শ্ৰী অৰ্গদ্বীপ নন্দী আৰু ABVPৰ বহু দলীয় কৰ্মী । উক্ত সভাৰ জৰিয়তে ভোটাৰ ৰাইজৰ মাজত নিৰ্বাচন সম্পৰ্কীয় সজাগতা বৃদ্ধি কৰাৰ লগতে ৰাইজক নিৰ্বাচনৰ দিনটোত ঘৰত নাথাকি ভোটকেন্দ্ৰত গৈ নিজৰ বহুমূলীয়া ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় । নিজৰ মৌলিক অধিকাৰ সাব্যস্ত কৰি এখন সুস্থ তথা সবল চৰকাৰ গঠন কৰিবলৈ অনুৰোধ জনায় ।
লগতে পঢ়কঃআঞ্চলিকতাবাদী চৰকাৰেহে সমাধান কৰিব বড়ো-অবড়োৰ সমস্যা: সুজন দাস