হোজাই, ২৩ জুন :ভাৰত-চীন সীমান্তৰ পূৱ লাডাখত নিহত হোৱা বীৰ শ্বহীদ জোৱান সকলৰ প্ৰতি হোজাই জিলাৰ লংকাত মংগলবাৰে শ্ৰদ্ধাঞ্জলী জনোৱা হয় ৷ লংকা টাউন যুৱ মৰ্চাৰ উদ্যোগত আৰু লংকা মহিলা মৰ্চাৰ সহযোগত লোৱা হয় এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী । উক্ত কাৰ্যসূচীৰ অংশ স্বৰূপে লংকাৰ লংকেশ্বৰী নাট্য মন্দিৰৰ প্ৰাংগনৰ পৰা পিয়লি বজাৰ হৈ লংকা বাছ ষ্টেণ্ডৰ কনকলতা প্ৰতিমূৰ্ত্তিৰ লৈ বাহিৰ কৰা হয় এক মৌন সমদল । উক্ত সমদলত মৰ্চাৰ কৰ্মী সকলে হাতে হাতে চীনা সামগ্ৰী বৰ্জন কৰা লিখিত প্লে'কাৰ্ড আৰু ম'ম লৈ সমদলত অংশগ্ৰহণ কৰে ।
লংকাত ভাৰতীয় সেনাৰ বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলী - Lanka
ভাৰত-চীন সীমান্তৰ পূৱ লাডাখত নিহত হোৱা বীৰ শ্বহীদ জোৱান সকলৰ প্ৰতি হোজাই জিলাৰ লংকাত মংগলবাৰে শ্ৰদ্ধাঞ্জলী জনোৱা হয় । লংকা টাউন যুৱ মৰ্চাৰ উদ্যোগত আৰু লংকা মহিলা মৰ্চাৰ সহযোগত লোৱা হয় এই শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী ।
A tribute to indian solders in hojai lanka
উক্ত সমদলৰ পিচতে কনকলতা প্ৰতিমূৰ্ত্তিৰ তলত শ্বহীদ জোৱান সকলৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰা হয় । লগতে ৰাইজক চীনা সামগ্ৰী বৰ্জন কৰাৰ বাবেও আহ্বান জনাই মৰ্চাৰ কৰ্মী সকলে । উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীত মৰ্চাৰ কৰ্মী সহ দুই শতাধিক ৰাইজে অংশ গ্ৰহণ কৰে ।
লগতে পঢ়ক : মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ একাধিক নেতাৰ দলত্যাগ