অসম

assam

By

Published : Feb 27, 2020, 1:39 AM IST

ETV Bharat / state

হোজাইত বাল্য বিবাহঃকিশোৰী উদ্ধাৰ

হোজাইত পোহৰলৈ আহিছে বাল্য বিবাহৰ এক ঘটনা ৷ বিবাহৰ কিছুসময় পূৰ্বে উদ্ধাৰ এগৰাকী নাবালিকা ৷ স্থানীয় ৰাইজৰ আবেদনৰ ভিত্তিত চাইল্ড লাইন আৰু শংকৰদেৱ নগৰ আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷

A girl under 18 rescue by hojai police and child line hojai assam etv bharat news
বাল্য বিবাহ

হোজাই,26 ফেব্ৰুৱাৰীঃ হোজাইত পোহৰলৈ আহিছে বাল্য বিবাহৰ এক ঘটনা ৷ বিবাহৰ কিছুসময় পূৰ্বে উদ্ধাৰ এগৰাকী নাবালিকা ৷ স্থানীয় ৰাইজৰ আবেদনৰ ভিত্তিত চাইল্ড লাইন আৰু শংকৰদেৱ নগৰ আৰক্ষীয়ে এক যুটীয়া অভিযান চলাই উদ্ধাৰ কৰে কিশোৰী গৰাকীক ৷ আৰক্ষীক এই কাৰ্যত সহায় আগবঢ়ায় হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাং,পেনেল অধিবক্তা ৰোহিণা ৱাৰিছে ৷

ঘটনাৰ প্ৰাপ্ত তথ্য অনুসৰি,হোজাইৰ অন্তৰ্গত জোৰাপুখুৰীৰ পামগাঁৱত প্ৰস্তুতি চলিছিল নাবালিকাগৰাকীৰ বিবাহৰ ৷ সেইসূত্ৰে দৰাঘৰত ৰখা হৈছিল 15 বছৰীয়া কিশোৰীগৰাকীক ৷ অৱশেষত আইন সেৱা প্ৰাধিকৰণে আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে নাবালিকাগৰাকীক ৷ কিশোৰীগৰাকীৰ লগতে বিবাহত বহিবলগীয়া দৰাজনো নাবালক আছিল ৷

লগতে চাওকঃআগন্তুক এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 'স্বচ্চ ভাৰত অভিযান'ৰ দ্বিতীয়টো পৰ্ব

ABOUT THE AUTHOR

...view details